‘কৰ’না এক মামূলী ভাইৰাছ’! য’তে ত’তে ওলাইছে ভুৱা চিকিৎসক

গুৱাহাটী, ২২ জুন, NKTV: জনস্বাস্থ্যৰ সৈতে হেতালি খেলি বিভিন্ন সময়ত ৰাইজৰ চিকিৎসা কৰি থকা বহু ভুৱা চিকিৎসক জালত পৰিছে আৰক্ষীৰ। পিছে তাৰ পিছতো সংগোপনে এনে কাৰ্য চলাই গৈছে বহু ভুৱা চিকিৎসকে। আজি আমি লৈ আহিছোঁ তিনিচুকীয়া জিলাৰ জাগুণৰ এজন ভুৱা চিকিৎসকৰ বাতৰি। কোন তেওঁ, কিদৰে কৰে ৰাইজৰ চিকিৎসা?

  • জাগুণত ভুৱা চিকিৎসক
  • ফাৰ্মাচীৰ পিছফালে সাজি লৈছে চেম্বাৰ
  • ভুৱা চিকিৎসকজন আবিব হুছেইন
  • ভুৱা চিকিৎসাৰে গঢ়িছে সম্পত্তি
  • তেওঁৰ মতে কৰ’না এক মামূলী ভাইৰাছ

তেওঁৰ মতে তেওঁ এজন চিকিৎসক। পিছে ৰাইজৰ মতে এই কথা ভুৱা। মানে এওঁ ভুৱা চিকিৎসক। মানুহজনৰ নাম আবিব হুছেইন। দীৰ্ঘদিন দিন ধৰি জাগুণত ৰাইজক চিকিৎসা কৰি আহিছে এইজন ভুৱা চিকিৎসকে। সন্মুখত এখন ফাৰ্মাচী আৰু তাৰ পিছফালে সৰুকৈ নাৰ্ছিং হোমেই খুলি লৈছে স্বয়ম্ভূ চিকিৎসক গৰাকীয়ে। নিজকে চিকিৎসক বুলি চিনাকি দি এই গুদাম ঘৰতেই গঞা ৰাইজক চিকিৎসা কৰি আহিছে এইজনা আবিব হুছেইনে।

জ্বৰ-পানী লগাৰ পৰা সৰু-সুৰা অস্ত্ৰোপচাৰলৈ সকলো কৰে এওঁ। আৰু ক’ভিডৰ এই সময়তো ব্যৱসায় কমিবলৈ দিয়া নাই এখেতে। চৰকাৰৰ সকলো নিয়ম নীতি চাঙত তুলি এইদৰে ৰোগীৰ চিকিৎসা কৰি গৈছে এওঁ। আৰু ক’ভিডৰ সম্পৰ্কে তেওঁক সোধাত তেওঁৰ আকৌ আৰু এসোপা ওপৰৰ উত্তৰ।

ৰুমী মেডিকেল ষ্টোৰ নামৰ এই ফাৰ্মাচী খনৰ আৰ লৈ চলাই যোৱা এই অবৈধ ব্যৱসায়ৰ জৰিয়তে আবিব হুছেইনে গঢ়িছে অবাধ সম্পত্তিও। পিছে চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু তিনিচুকীয়া স্বাস্থ্য বিভাগৰ বৰমুৰীয়া সকলৰ চকুত নপৰাকৈ কেনেকৈ এওঁ চলাই গৈছে এই ব্যৱসায়? এইয়াহে এতিয়া সকলোৰে প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Ramanuj Goswami Dies After Alleged Escape Attempt While in Police Custody

Ramanuj Goswami, who had been arrested in connection with...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...