৯ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম

স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাক কামকাজৰ নিৰীক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২২ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নির্মীয়মান মাধৱদেৱ কলাক্ষেত্ৰ চৌহদ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ৯ মাহৰ ভিতৰত এই কলাক্ষেত্ৰ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিবলৈ লােক নির্মাণ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কলাক্ষেত্ৰ নিৰ্মাণৰ কামৰ অগ্রগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি প্ৰকল্পটো ধার্য কৰি দিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ নিশ্চিত পদক্ষেপ ল’বলৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাক দায়িত্ব অর্পণ কৰে।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ পল্লৱ লােচন দাস, বিধায়কসকল ক্রমে ড° অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, উৎপল বৰাকে ধৰি জিলা প্রশাসন তথা লােক নির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...