ড্ৰাগছ ল’ব নাপাই যুৱকৰ আত্মহত্যা

গুৱাহাটী, ২২ জুন, NKTV: গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ড্ৰাগছ ল’ব নাপাই এজন যুৱকে বাছি ল’লে আত্মহত্যাৰ দৰে চৰম পন্থা। আত্মহত্যা কৰা যুৱকজনৰ নাম অসীম দত্ত বুলি জানিব পৰা গৈছে। মাত্ৰ ২১ বছৰ বয়সতেই এনে বিহৰূপী ড্ৰাগছৰ আসক্ত হৈ পৰিছিল অসীম দত্ত। ড্ৰাগছ ল’ব নাপাই আত্মহননৰ পথ বাছি ল’লে এইজন যুৱকে। জানিব পৰা মতে, বিগত ৮ বছৰ ধৰি ড্ৰাগছ সেৱন কৰি গৈছিল অসীম দত্তই। ড্ৰাগছৰ বাবে যুৱকজনে প্ৰায়েই ঘৰত এক অপ্রীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। ড্ৰাগছ সেৱন কৰাৰ বাবে পৰিয়ালৰ লোকৰ ওচৰত টকা বিচাৰি উদ্ভণ্ডালি কৰাৰ বাবে অতিষ্ঠ হৈ উঠিছিল পৰিয়ালৰ লোক। যুৱকজনে কৰা উদ্ভণ্ডালি সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা বেলেগত থাকিব লৈছিল অসীমৰ পিতৃ আৰু ভগ্নীয়ে। ইয়াৰ পিছৰে পৰা অসীমে আইতাক আৰু জেঠিমাকৰ সৈতে গুৱাহাটী বাস কৰিছিল। মাত্ৰ ২১ দিন পূৰ্বে অসীমৰ আইতাকৰ মৃত্যু ঘটিছিল। আইতাকৰ মৃত্যুৰ পিছত টকাৰ অভাৱ ঘটাৰ ফলত ড্ৰাগছ ল’ব পৰা নাছিল যুৱকজনে। অৱশেষত অতিষ্ঠ হৈ সোমবাৰে ড্ৰাগছ ল’বৰ বাবে জেঠিমাকৰ পৰা টকা বিচাৰিছিল অসীমে। কিন্তু তেওঁৰ লগত টকা নথকাৰ বাবে অসীমক টকা দিব নোৱাৰিলে। অৱশেষত অসীমে জেঠিমাকৰ পৰা টকা নাপাই ড্ৰাগছ ল’ব নোৱাৰিলে। ড্ৰাগছ ল’ব নপোৱাৰ ফলতেই নিজ কোঠাতে আত্মহত্যা কৰিলে ২১ বছৰীয়া অসীম দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...