প্লাষ্টিকৰ বটলৰ নাৱেৰে মহাবাহু ব্ৰহ্মপুত্ৰ ভ্ৰমণ সাহসী যুৱকৰ

গুৱাহাটী, ২২ জুন, NKTV: ১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে সাজি উলিওৱা এখন সৰু নাও। এই প্লাষ্টিকৰ নাওখন ফেনে ফুটুকাৰে উফন্দি থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলাই দূৰন্তৰ সাহসৰ পৰিচয় দিছে ধীৰাজ বিকাশ গগৈ নামৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকে।

“ব্ৰহ্মপুত্ৰক প্লাষ্টিকমুক্ত” তথা প্ৰদূষণমুক্ত কৰাৰ সজাগতা মূলক বাণী বিলোৱাৰ উদ্দেশ্যে কালি নিজা প্ৰচেষ্টাৰে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা যা‌ত্ৰা আৰম্ভ কৰা ধীৰাজে ১২ ঘন্টীয়া বিপদ সংকুল যাত্ৰা অতিক্ৰম কৰি যোৱা নিশা কটায় শিৱসাগৰ দিচাংমুখৰ অফলাত লুইতৰ চাপৰিত।

আজি পুনৰ পুৱাই প্লাষ্টিকৰ নাওখনেৰে শিৱসাগৰ জিলা অতিক্ৰমি মাজুলীলৈ বুলি ৰাওনা হয় বুমণি নামেৰেও পৰিচিত যুৱকজন। ABCD EXPLORATIONৰ উদ্যোগত এই প্ৰচেষ্টা তেওঁৰ।

দিখৌমুখতো আদৰণি প্ৰকৃতিপ্ৰেমী ধীৰাজ বিকাশ গগৈক। ধীৰাজৰ এই প্ৰচেষ্টাক আদৰণি জনায় দিখৌমুখবাসীয়ে।

লক্ষ্যণীয় যে বিগত ডেৰমাহ ধৰি পেলনীয়া প্লাষ্টিকৰ বটল সমূহ বুটলি লুইতৰ কাষৰীয়া এলেকা পৰিষ্কাৰ কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ...

ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’...