গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে ২,৮১৪ কোটি টকাৰ এখন বিশেষ আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ‘Capex Support Scheme to Promote Critical Mineral Processing’ শীৰ্ষক আঁচনিখন অনুমোদন কৰা হয়। পাঁচ বছৰীয়া এই আঁচনিখন ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈ ৰূপায়ণ কৰা হ’ব।

বৰ্তমান লিথিয়াম, নিকেল আৰু কোবাল্টৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ পৰিশোধন আৰু প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট পৰিমাণে বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। দেশত এই খনিজসমূহৰ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু বৃহৎ পৰিসৰৰ উদ্যোগৰ অভাৱেই ইয়াৰ অন্যতম কাৰণ। আনহাতে, বিশ্বৰ কেইখনমান দেশতে এই খনিজসমূহৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰীভূত হৈ থকাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংঘাত, মূল্যৰ উঠা-নমা আৰু ৰপ্তানি নিষেধাজ্ঞাৰ প্ৰভাৱ ভাৰতৰ যোগান শৃংখলতো পৰাৰ আশংকা থাকে।

এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে দেশৰ ভিতৰতে খনিজ প্ৰক্ৰিয়াকৰণৰ উদ্যোগ গঢ়ি তোলাৰ বাবে নতুন আঁচনিখন গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আঁচনিখনৰ জৰিয়তে লিথিয়াম আৰু নিকেলৰ আকৰ তথা মধ্যৱৰ্তী সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰি উচ্চ বিশুদ্ধতাৰ যৌগ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ’ব। নিকেল প্ৰক্ৰিয়াকৰণৰ সময়ত উপ-উৎপাদন হিচাপে কোবাল্টো উদ্ধাৰ কৰাৰ ব্যৱস্থা থাকিব।

আঁচনিখনৰ অধীনত মুঠ চাৰিটা প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব ন্যূনতম ৩০ কিলোটন উৎপাদন ক্ষমতাসম্পন্ন দুটা লিথিয়াম প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু ন্যূনতম ৫০ কিলোটন উৎপাদন ক্ষমতাসম্পন্ন দুটা নিকেল প্ৰক্ৰিয়াকৰণ উদ্যোগ।

এই উদ্যোগসমূহ স্থাপনৰ বাবে যোগ্য বিনিয়োগৰ ৩০ শতাংশ মূলধনী ৰাজসাহায্য হিচাপে আগবঢ়াব কেন্দ্ৰই। অৱশ্যে প্ৰতিটো লিথিয়াম প্ৰকল্পৰ ক্ষেত্ৰত এই সাহায্যৰ পৰিমাণ সৰ্বাধিক ৫০০ কোটি টকা আৰু প্ৰতিটো নিকেল প্ৰকল্পৰ ক্ষেত্ৰত সৰ্বাধিক ৯০০ কোটি টকাত সীমাবদ্ধ থাকিব।

উদ্যোগ স্থাপনৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰা হ’ব দুটা পৰ্যায়ত। প্ৰথম পৰ্যায়ত আবেদনকাৰীসকলৰ কাৰিকৰী যোগ্যতা পৰীক্ষা কৰা হ’ব। এই পৰীক্ষাত উত্তীৰ্ণসকলেহে দ্বিতীয় পৰ্যায়ৰ বিত্তীয় নিবিদাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। প্ৰতিটো খনিজৰ বাবে চৰকাৰৰ পৰা সৰ্বনিম্ন মূলধনী সাহায্য বিচৰা দুটা প্ৰতিষ্ঠানক নিৰ্বাচন কৰা হ’ব। নিৰ্ধাৰিত লক্ষ্য আৰু প্ৰকল্পৰ অগ্ৰগতিৰ ভিত্তিত তিনিটা কিস্তিত প্ৰদান কৰা হ’ব আৰ্থিক সাহায্য।

উল্লেখযোগ্য যে, লিথিয়াম আৰু নিকেলৰ দৰে খনিজ পদাৰ্থৰ চাহিদা বৰ্তমান বৈদ্যুতিক বাহন আৰু বেটাৰী উদ্যোগত ক্ৰমাৎ বৃদ্ধি পাইছে। বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা, ইলেক্ট্ৰনিকছ, প্ৰতিৰক্ষা আৰু বিশেষ ধৰণৰ তীখা উৎপাদনৰ ক্ষেত্ৰতো এই খনিজসমূহৰ গুৰুত্ব যথেষ্ট। সেয়েহে দেশতে এই খনিজসমূহৰ প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থা গঢ়ি উঠিলে সংশ্লিষ্ট উদ্যোগসমূহে প্ৰয়োজনীয় কেঁচামালৰ যোগানৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে কেৱল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাই নহয়, দেশৰ ভিতৰতে খনিজ সম্পদৰ মূল্য সংযোজন আৰু উদ্যোগিক বিকাশৰ পথো প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই আঁচনিখনে গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰত ভাৰতৰ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ সক্ষমতা শক্তিশালী কৰাত কিমানদূৰ সফল হয়, সেয়া অৱশ্যে সময়েহে ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...