অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অগ্নিপথ আঁচনিৰ অধীনত নিযুক্ত অগ্নিবীৰসকলৰ সেৱাৰ ম্যাদ আৰু দুবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় কেবিনেটে। ইয়াৰ ফলত পূৰ্বৰ চাৰি বছৰৰ পৰিৱৰ্তে অগ্নিবীৰসকলে এতিয়া মুঠ ছয় বছৰলৈকে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব।

বুধবাৰে নতুন দিল্লীত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল এন এছ ৰাজা সুব্ৰমণীয়ে। তেওঁৰ মতে, বিগত চাৰি বছৰত অগ্নিবীৰসকলৰ কৰ্মদক্ষতা আৰু প্ৰদৰ্শনৰ মূল্যায়ন কৰাৰ পাছত তেওঁলোকৰ প্ৰতি ইতিবাচক সঁহাৰি লাভ কৰিছে সেনা বাহিনীয়ে। সেই মূল্যায়নৰ ভিত্তিতেই এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৭৫ শতাংশ অগ্নিবীৰে লাভ কৰিব অতিৰিক্ত দুবছৰৰ সুযোগ

২০২২ চনত আৰম্ভ কৰা অগ্নিপথ আঁচনিৰ মূল নিয়ম অনুসৰি, চাৰি বছৰীয়া সেৱাৰ অন্তত মুঠ নিযুক্ত অগ্নিবীৰৰ ২৫ শতাংশকহে নিয়মীয়া সেনা বাহিনীত স্থায়ীভাৱে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছিল। বাকী ৭৫ শতাংশ অগ্নিবীৰে চাৰি বছৰৰ সেৱা সম্পূৰ্ণ কৰি বাহিনী এৰিবলগীয়া হৈছিল।

কিন্তু নতুন সিদ্ধান্ত অনুসৰি, এই ৭৫ শতাংশ অগ্নিবীৰক আৰু দুবছৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া হ’ব। অতিৰিক্ত দুবছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত যিসকল অগ্নিবীৰে সেনা বাহিনীত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিব, তেওঁলোকক নিয়মীয়া সেনা বাহিনীত অন্তৰ্ভুক্তিৰ বাবে বিবেচনা কৰা হ’ব।

অৱশ্যে ইয়াৰ বাবে নিৰ্ধাৰিত যোগ্যতা আৰু বাছনিৰ চৰ্ত পূৰণ কৰিব লাগিব। অৰ্থাৎ, সকলো অগ্নিবীৰকে স্বয়ংক্ৰিয়ভাৱে স্থায়ী নিযুক্তি দিয়া নহ’ব।

বৃদ্ধি পাব দৰমহা আৰু সেৱা নিধিৰ ধন

অতিৰিক্ত দুবছৰৰ সেৱাৰ সময়ছোৱাত অগ্নিবীৰসকলে পূৰ্বতকৈ অধিক দৰমহা লাভ কৰিব। ইয়াৰ উপৰি দুবছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত বাহিনী এৰিব বিচৰা অগ্নিবীৰসকলৰ বাবে সেৱা নিধিৰ ধনৰ পৰিমাণো বৃদ্ধি কৰা হ’ব।

নতুন ব্যৱস্থা অনুসৰি, অতিৰিক্ত সেৱাৰ প্ৰথম বছৰত মাহিলী দৰমহা ৪৩,৫০০ টকা আৰু দ্বিতীয় বছৰত ৪৭,৫০০ টকা হ’ব বুলি প্ৰকাশ পাইছে।

প্ৰথমটো বেটছৰ সেৱাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে সিদ্ধান্ত

উল্লেখযোগ্য যে, ২০২২ চনৰ ১৪ জুনত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাত চাৰি বছৰৰ বাবে অগ্নিবীৰ নিযুক্তি দিয়া হৈছিল।

আঁচনিৰ প্ৰথমটো বেটছৰ অগ্নিবীৰসকলৰ চাৰি বছৰীয়া সেৱাৰ ম্যাদ ২০২৬ চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল। প্ৰায় ১৮,৩০০গৰাকী অগ্নিবীৰে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সেৱা সামৰাৰ কথা আছিল।

তাৰ পূৰ্বেই কেন্দ্ৰীয় কেবিনেটে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰাত অগ্নিবীৰসকলৰ বাবে সেনা বাহিনীত অধিক সময় সেৱা আগবঢ়োৱাৰ পথ মুকলি হ’ল।

নিযুক্তি প্ৰক্ৰিয়াতো পৰিৱৰ্তন

অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াতো কিছু পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হৈছে। নতুন ব্যৱস্থা অনুসৰি, শাৰীৰিক পৰীক্ষাৰ পূৰ্বে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰি সেৱাৰ সময়ছোৱাত লাভ কৰা প্ৰশিক্ষণ আৰু দক্ষতাৰ স্বীকৃতি হিচাপে অগ্নিবীৰসকলক বিশেষ দক্ষতা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ মতে, এই সিদ্ধান্তই সশস্ত্ৰ বাহিনীক অধিক দক্ষ, অভিজ্ঞ আৰু প্ৰযুক্তিগতভাৱে সক্ষম কৰি তোলাত সহায় কৰিব।

সামগ্ৰিকভাৱে অগ্নিপথ আঁচনিৰ অধীনত এই নতুন পৰিৱৰ্তনে অগ্নিবীৰসকলৰ ভৱিষ্যৎ কৰ্মজীৱনৰ ক্ষেত্ৰত অধিক সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে...