এতিয়া কেৱল কম্পিউটাৰ, ম’বাইল অথবা বেংকৰ তথ্যই নহয়, হেকাৰৰ লক্ষ্য হৈ পৰিছে ছুপাৰমাৰ্কেটৰ ফ্ৰীজ আৰু ফ্ৰীজাৰো।
আপুনি কিনিবলৈ যোৱা সতেজ শাক-পাচলি, মাছ-মাংস অথবা দুগ্ধজাত সামগ্ৰী সুৰক্ষিত কৰি ৰখা শীতলীকৰণ ব্যৱস্থাটোও এতিয়া চাইবাৰ অপৰাধীৰ নিয়ন্ত্ৰণলৈ যোৱাৰ আশংকা। নিশাটোৰ ভিতৰতে ফ্ৰীজৰ উষ্ণতা স্বাভাৱিক অৱস্থাৰ পৰা জঁপিয়াই ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাত ইউৰোপৰ খুচুৰা ব্যৱসায়িক জগতত সৃষ্টি হৈছে তীব্ৰ আতংকৰ।
ইউৰোপৰ কমেও সাতখন দেশৰ ছুপাৰমাৰ্কেটত সোমবাৰে পোহৰলৈ আহে এই অস্বাভাৱিক ঘটনা। বেলজিয়াম, এষ্টোনিয়া, আয়াৰলেণ্ড, ফিনলেণ্ড, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ আৰু ছুইডেনৰ বিভিন্ন বিপণীত নিশাটোৰ ভিতৰতে বিকল হৈ পৰে শীতলীকৰণ ব্যৱস্থা। একাংশ বিপণীৰ ফ্ৰীজ আৰু ফ্ৰীজাৰৰ উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত সতেজ আৰু হিমায়িত খাদ্য সামগ্ৰী সংৰক্ষণক লৈ দেখা দিয়ে সংকট।
প্ৰথম অৱস্থাত এয়া সাধাৰণ কাৰিকৰী বিজুতি বুলি ধাৰণা কৰা হৈছিল যদিও, পৰৱৰ্তী সময়ত একাধিক খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানে শীতলীকৰণ ব্যৱস্থাত হেকাৰৰ আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰে। কেইবাটাও প্ৰতিষ্ঠানে চাইবাৰ আক্ৰমণৰ ঘটনা নিশ্চিত কৰাৰ পিছতে স্পষ্ট হৈ পৰে যে বিপদ কেৱল এখন দেশ বা এটা প্ৰতিষ্ঠানতে সীমাবদ্ধ হৈ থকা নাই।
ছুইডেনত ৬খন বিপণী এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় চাইবাৰ নিৰাপত্তা কেন্দ্ৰই ঘটনাসমূহৰ তদন্ত অব্যাহত ৰাখিছে।
নেদাৰলেণ্ডছৰ খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান Ahold Delhaize-ৰ বেলজিয়াম আৰু লাক্সেমবাৰ্গৰ কেইবাখনো বিপণীত একেধৰণৰ সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত বিপণীসমূহত সতেজ সামগ্ৰীৰ যোগান সাময়িকভাৱে সীমিত কৰিবলগীয়া হয়।
বেলজিয়ামৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দেশখনৰ কেইবা ডজন বিপণী এই ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে।
এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ইউৰোপীয় সংঘৰ খাদ্য আৰু কৃষি আয়ুক্ত ক্ৰিষ্টোফ হানছেনে। তেওঁৰ মতে, খাদ্য যোগান শৃংখলত ব্যাঘাত জন্মোৱা আৰু গ্ৰাহকৰ আস্থা হ্ৰাস কৰা এই আক্ৰমণসমূহৰ আঁৰৰ উদ্দেশ্য হ’ব পাৰে।
উল্লেখযোগ্য যে, এয়া ইউৰোপত সংঘটিত প্ৰথমটো ঘটনা নহয়। যোৱা মাহত ফ্ৰান্সতো প্ৰায় ৭০০খন ছুপাৰমাৰ্কেটৰ শীতলীকৰণ ব্যৱস্থা হেকাৰৰ নিয়ন্ত্ৰণলৈ যোৱাৰ ঘটনা পোহৰলৈ আহিছিল। সেই আক্ৰমণৰ ফলত ফ্ৰীজ আৰু ফ্ৰীজাৰৰ উষ্ণতা ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছিল। ইয়াৰ পৰিণতিত অগ্নিকাণ্ডৰ লগতে কেইবা কোটি ইউৰোৰ খাদ্য সামগ্ৰীৰ ক্ষতি হৈছিল।
আটাইতকৈ চিন্তনীয় কথাটো হ’ল, চাইবাৰ অপৰাধীসকলৰ বাবে এতিয়া ইণ্টাৰনেটৰ সৈতে সংযুক্ত যিকোনো যন্ত্ৰ সম্ভাব্য লক্ষ্য হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, স্মাৰ্ট ফ্ৰীজ, কেন্দ্ৰীয় শীতলীকৰণ ব্যৱস্থা দৰে যন্ত্ৰসমূহ দূৰৱৰ্তীভাৱে নিয়ন্ত্ৰণ কৰাৰ সুযোগে নতুন চাইবাৰ বিপদৰ সৃষ্টি কৰিছে।
ইয়াৰ ভয়াবহতাৰ উমান পোৱা গৈছে ব্ৰিটেইনতো। UK Cyber Defence-ৰ গৱেষকসকলে দেশখনৰ খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত ৮০০ৰো অধিক শীতলীকৰণ আৰু বিল্ডিং-কণ্ট্ৰ’ল ইণ্টাৰফেচ ৰাজহুৱা ইণ্টাৰনেটৰ জৰিয়তে প্ৰৱেশ কৰিব পৰা অৱস্থাত থকা বুলি চিনাক্ত কৰিছে।
ৰাছিয়াই ২০২২ চনত ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ইউৰোপত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত চাইবাৰ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। খাদ্য যোগানৰ দৰে অত্যাৱশ্যকীয় ব্যৱস্থাক লক্ষ্য কৰি লোৱা এনে আক্ৰমণে অৰ্থনীতিৰ পৰা আৰম্ভ কৰি সাধাৰণ গ্ৰাহকৰ দৈনন্দিন জীৱনলৈকে প্ৰভাৱ পেলাব পাৰে।
অৱশ্যে শেহতীয়া আক্ৰমণসমূহৰ আঁৰত কোন আছে, কোনো সংগঠিত হেকাৰ গোট জড়িত নে ইয়াৰ আঁৰত আন কোনো শক্তি আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত অব্যাহত আছে।
