ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত চানমাৰী কলনীত ব’হাগী উৎসৱ মেলাৰ শুভাৰম্ভ

বীণা বৰদলৈ উদ্যমী বঁটা জাহাজ নিৰ্মাতা অঞ্জলী বৰাক প্ৰদান

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ঢোল পেঁপা-গগনাৰ শৱ্দত চৌপাশ আলোড়িত হোৱাৰ সময়তে মহানগৰীত বিহুৰ বতৰা লৈ আহিছে ব’হাগী উৎসৱ মেলাসমূহে। শুকুৰবাৰৰ পৰা চানমাৰী কলনী পূজা মণ্ডপত আৰম্ভ হৈছে ঋতম্ভৰা ব’হাগী উৎসৱ মেলা, ২০২৫। প্ৰসিদ্ধ অভিনেত্ৰী মলয়া গোস্বামী, ২ উদ্যমী মহিলা স্মিতাক্ষী গোস্বামী আৰু ডাঃ অক্ষতা নাৰায়ণে আজি দুপৰীয়া ফিটা কাটি মহিলা সবলীকৰণৰ লক্ষ্যৰে আয়োজিত এই মেলাখনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত সমাজসেৱী মহিলা মামনি দাস আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সহযোগ কৰে।

এই অনুষ্ঠানৰ লগত ৰজিতা খুৱাই প্ৰদান কৰা হয় বীণা বৰদলৈ সোঁৱৰণী উদ্যমী বঁটা। প্ৰথমবাৰলৈ প্ৰদান কৰা এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ জাহাজ নিৰ্মাতা মহিলা উদ্যোগী তথা ভোট জলকীয়া আৰু পানচৈ ৰেষ্টুৰাৰ স্বত্বাধিকাৰী উদ্যমী মহিলা অঞ্জলি বৰাক। বঁটা হিচাপে তেওঁক প্ৰদান কৰা হয় স্মাৰক, শৰাই, অংগবস্ত্ৰ, উপহাৰৰ টোপোলা।

বুবি তালুকদাৰৰ তত্বাৱধানত আয়োজিত ঋতম্ভৰা বহাগী মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুৰিগৰাকী উদ্যমী মহিলাই অংশগ্ৰহণ কৰিছে। মেলাখনত প্ৰদৰ্শিত সামগ্ৰীৰ ভিতৰত আছে বিহু উপলক্ষে বিভিন্ন আকৰ্ষণীয় ডিজাইনৰ মেখেলা চাদৰ, চুৰিদাৰ, বেড কভাৰ, কুশ্বন, অসমীয়া গহণা, বিভিন্ন হস্তনিৰ্মিত সা-সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী, টাপাৰৱেৰৰ ভিন্ন ডিজাইনৰ বাচন, বিহুৰ পিঠাপনা, লাৰু তথা অন্য খাদ্য সামগ্ৰী আদি। অহা ৭ এপ্ৰিললৈ ৩ দিনীয়া কাৰ্যসূচীৰে বহাগী মেলাখন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...