পঞ্জাৱ কিংছৰ বিৰুদ্ধে আত্মবিশ্বাসী ৰাজস্থান ৰয়েলছ

এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম তিনিখন মেচত ইমপেক্ট খেলুৱৈৰূপে কেবল ইনিংছ মুকলি কৰা ৰাজস্থান ৰয়েলছৰ সঞ্জু ছেমছনে কাইলৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব লগা মেচখনত পুনৰ দলক নেতৃত্ব দিব৷ উল্লেখ্য যে আই পি এল-২০২৫ ৰ কাইলৈ নিশা জ্জ.৩০ বজাত আৰ আৰ আৰু পি বি কে এছৰ মাজত হ’বলগা মেচখন চণ্ডিগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এয়া ৰয়েলছৰ চতুৰ্থ মেচ৷

প্ৰথম দুখন মেচত ব্যৰ্থ হোৱা দলটোৱে গুৱাহাটীত খেলা অন্তিম ঘৰুৱা মেচখনত চি এছ কে দলক পৰাস্ত কৰি আত্মবিশ্বাসৰে কাইলৈৰ মেচখনত অধিনায়ক সঞ্জুৰ নেতৃত্বত খেলিবলৈ সাজু হৈছে৷ ইয়াৰপূৰ্বে হায়দৰাবাদ আৰু গুৱাহাটীত খেলা উভয় মেচত সঞ্জুৰ অনুপস্থিতিত ৰয়েলছক নেতৃত্ব দিছিল অসম সন্তান তথা দলৰ নিৰ্ভৰযোগ্য বেটাৰ ৰিয়ান পৰাগে৷

নেতৃত্বৰ দায়িত্বলৈ প্ৰত্যাৱৰ্তন কৰি আজি সংবাদমেলত সঞ্জুৱে কয় যে যোৱা তিনিখন মেচত তেওঁ যি ৰূপত খেলিলে সেয়া কেৰিয়াৰৰ প্ৰথম অভিজ্ঞতা৷ আনহাতে, পূৰ্বে উইকেটৰক্ষক, অধিনায়ক তথা তিনি নম্বৰ স্থানত বেটিং কৰাৰ পাছত এইবাৰ ইনিংছ মুকলিৰ দায়িত্ব দলে দিয়া বিষয়ৰ প্ৰশ্নৰ উত্তৰত ছেমছনে কয় ‘প্ৰতিখন আই পি এলে মোক নতুন কিবা এটা শিকাৰ সুযোগ দিছে৷ সেয়ে মই নতুন দায়িত্ব লৈয়ো সুখী৷’

ইফালে, এইবাৰ ৰয়েলছে বাটলাৰ-বৌল্টৰ দৰে বিদেশী তাৰকাক হেৰুৱাই দুৰ্বল হোৱা প্ৰসংগৰ উত্তৰত সঞ্জুৱে কয় ‘ছানৰাইজাৰ্ছ আৰু কে কে আৰৰ বিৰুদ্ধে খেলা মেচত আমি ভাল প্ৰদৰ্শন কৰি পৰাস্ত হৈছিলো৷ দুই-এটা দুৰ্বলতা দেখাও গৈছিল ব্যৰ্থতাৰ পৰ্যালোচনা কৰাত৷ কিন্তু চি এছ কেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত এয়া পৰিস্ফুট হৈছে যে দলটো এতিয়া সম্পূৰ্ণৰূপে ভাৰসাম্য৷ আনহাতে, আই পি এলত পৰিকল্পনাৰে দল গঠন কৰাটো সকলোৰে সমস্যা৷ তিনি বছৰত সাল-সলনি কৰাটো বাধ্যতামুলক৷’

কাইলৈৰ মেচক লৈ সঞ্জুৱে কয় যে ঘৰত খেলিলে ঘৰুৱা দলটোৱে সুবিধা লাভ কৰে৷ সেয়ে টছ গুৰুত্বপূৰ্ণ হ’ব৷ কিন্তু প্ৰতিখন মেচৰ জয়ৰ নিৰ্দিষ্ট সমিকৰণ হ’ল বিপক্ষতকৈ এক ৰাণ বেছি কৰা৷ ইফালে, প্ৰথম তিনিখন মেচত অপেনাৰ যশস্বী জয়ছোৱালৰ ব্যৰ্থতাৰ উত্তৰ দি অধিনায়কজনে কয় ‘নেটত তেওঁ থিকে কৰি আছে৷ আই পি এল প্ৰত্যাহ্বানৰ খেল৷ অপেনাৰৰ দায়িত্ব দলক সুন্দৰ আৰম্ভনি দিয়া৷ সেয়া বাস্তবায়িত কৰিবলৈ যোৱাত ভুল শ্বটে উইকেটৰ পতন ঘটায়৷ যশস্বীৰ লগতো সেয়াই হৈছে৷ তেওঁ সফল প্ৰত্যাৱৰ্তন কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...