৬ সপ্তাহৰ ভিতৰত বন্ধ হ’ব বাইক টেক্সি সেৱা (Rapido, Ola, Uber)!

৬ সপ্তাহৰ ভিতৰত বাইক টেক্সি সেৱা বন্ধ হ’ব কৰ্ণাটকত। ৰেপিড’কে ধৰি অন্যান্য কেব এগ্ৰিগেটৰসকলে (Bike Taxi) তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিব লাগিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka HC) এই নিৰ্দেশ জাৰি কৰিছে। বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰক বি শ্যাম প্ৰসাদে এই নিৰ্দেশ দিছে। এই খণ্ডৰ সকলো সংস্থাৰ বাবে এই নিৰ্দেশ এটা ডাঙৰ আঘাত।

নিৰাপত্তাৰ প্ৰশ্ন

বাইক টেক্সিসমূহে সাধাৰণতে অতি কম খৰচত যাতায়তৰ সুবিধা প্ৰদান কৰে। কিন্তু ২০২৪ চনত কৰ্ণাটক ন্যায়ালয়ে বাইক টেক্সিৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল। সেই সময়ৰ পৰাই মহাৰাষ্ট্ৰ, দিল্লী আৰু অসমত বাইক টেক্সি সেৱা প্ৰদানকাৰী সংস্থাসমূহ আইনী জটিলতাত আছে। কাৰণ আইনীভাৱে এই বাইক টেক্সিসমূহক লাইচেন্স বা পাৰ্মিট প্ৰদান কৰা হোৱা নাই। তথাপি ১ এপ্ৰিলৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে বাইক টেক্সিসমূহক ৰাজ্যত চলোৱাৰ বাবে কিছু বিশেষ চৰ্তৰ সৈতে অনুমোদন দিছে। ন্যায়ালয়ত কৰ্ণাটক চৰকাৰে এই যুক্তি দেখুৱাইছিল যে, বগা নম্বৰ প্লেটৰ সৈতে বাইক টেক্সিসমূহে প্ৰত্যক্ষভাৱে নিয়ম ভংগ কৰিছে। আৰু এনে ধৰণৰ বাইক টেক্সিত সুৰক্ষা ব্যৱস্থাৰ অভাৱ আছে।

ৰেপিড’ৰ প্ৰতিক্ৰিয়া

ৰেপিড’ৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হৈছে, “কৰ্ণাটক ন্যায়ালয়ে ৬ সপ্তাহৰ ভিতৰত ৰাজ্যখনৰ পৰা বাইক টেক্সি সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে। কৰ্ণাটক ভিত্তিক সংস্থা ৰেপিড’ লাখ লাখ বাইক টেক্সি চালক আৰু কেব চালকৰ জীৱনৰ বিষয়ে চিন্তিত। এই ৰায় ঘোষণাৰ পিছত আইনীভাৱে কি কি পদক্ষেপ ল’ব পাৰি তাকলৈও সংস্থাই ভাৱি চাব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...