২০২০ চনৰ পিছত আন এক ভয়ংকৰ পতন, ট্ৰাম্পৰ কৰ বৃদ্ধিক লৈ অস্থিৰতাত আমেৰিকাৰ শ্বেয়াৰ বজাৰ

ট্ৰাম্পৰ কৰ আৰোপৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰে বৃহস্পতিবাৰে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল। এইবাৰ আমেৰিকাৰ বজাৰতো পতনৰ অভিলেখ। বৃহস্পতিবাৰেই এই পতন বজাৰত নামিছিল। ট্ৰাম্পৰ কৰ আৰোপৰ সিদ্ধান্তৰ (US Market Crash) কাৰণে বিশ্বজুৰি বাণিজ্য যুদ্ধ আৰু অৰ্থনৈতিক মন্দাৰ এক আশংকাৰ সৃষ্টি হৈছে। সেই কাৰণে ২০২০ চনৰ পিছত আমেৰিকাৰ শ্বেয়াৰ বজাৰত পতন হোৱা দেখা গৈছিল। এদিনতে ২ লাখ কোটি ডলাৰ (Dow Jones) বজাৰৰ পৰা উধাও হৈছে। ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ পিছত আকৌ এবাৰ ডাউ জ’ন্‌ছ সূচকত ১৬০০ অংকৰ পতন ঘটিছে।

একেদৰে এছ এণ্ড পি ৫০০ সূচক ৪.৮ শতাংশ হ্ৰাস পাইছে। ২০২০ চনৰ জুন মাহৰ পিছত এইটোৱেই দ্বিতীয় ডাঙৰ পতন। এই কাৰণে বজাৰৰ পৰা ২ লাখ কোটি ডলাৰৰ সম্পদ এদিনতে উধাও হৈছে। তদুপৰি ডাউ জ’ন্‌ছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ আৰু ন্যাচডেক কম্প’জিট সূচকতো ক’ৰোনাৰ সময়ত একেই ধৰণৰ পতন হৈছিল। কালিৰ বজাৰত এই দুয়োটা সূচক যথাক্ৰমে ৪ শতাংশ আৰু ৬ শতাংশ হ্ৰাস পাইছে। ডাউ জ’ন্‌ছ সূচকত ১৬৭৯ অংকৰ ধ্বংস নামিছে।

বিপৰ্যস্ত ৱাল ষ্ট্ৰীট

ট্ৰাম্পৰ এই শুল্ক আৰোপৰ পিছত দুৰ্বল অৰ্থনীতি আৰু প্ৰবল মুদ্ৰাস্ফীতিৰ ভয়ত ৱাল ষ্ট্ৰীটত হাহাকাৰ দেখা গৈছে। ডাঙৰ ডাঙৰ টেক কোম্পানী আৰু অপৰিশোধিত তেলৰ কোম্পানীৰ পৰা আৰম্ভ কৰি সকলোতে পতন দেখা হৈছে। আমেৰিকাৰ ডলাৰৰ তুলনাত অন্যান্য মুদ্ৰাৰ দামত ব্যাপক পতন হৈছে। সোণৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। এছ এণ্ড পি ৫০০ সূচকত ১০ শতাংশৰ ধ্বংস নামিছে।

বিশ্বব্যাপী মন্দাৰ আশংকা

বজাৰ বিশেষজ্ঞসকলে আশংকা কৰিছে যে, ড’নাল্ড ট্ৰাম্পৰ এই কৰ ঘোষণাৰ ফলত বিশ্বব্যাপী মন্দাৰ ক’লা মেঘ নামি আহিব পাৰে। এইটোৰ কাৰণ হ’ল, যদি কোনো দেশে আমেৰিকাত সেই পণ্য উৎপাদন কৰি ৰপ্তানি কৰে, তেন্তে সেয়া অত্যন্ত ব্যয়বহুল হৈ পৰিব। ফলত সেই পণ্যৰ চাহিদা কমি যাব। আমেৰিকাৰ এই কৰৰ উত্তৰ হিচাপে দেশবোৰেও অত্যধিক শুল্ক আৰোপ কৰিব। ইয়াৰ ফলত সেই পণ্যৰ উৎপাদন লাহে লাহে বন্ধ হৈ যাব, একেদৰে মুদ্ৰাস্ফীতি বাঢ়িব, মন্দা দেখা দিব আৰু নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...