সৰ্বকালৰ সৰ্বাধিক ৫৩৪ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগত

নিয়মীয়াকৈ কৰ পৰিশোধ, যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ বাহনৰ গৰাকীলৈ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কৃতজ্ঞতা

২০২৪-২৫ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৫৩৪কোটিৰো অধিক টকাৰ যান-বাহনৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰে ৷ কাৰ্যালয়টোৱে যোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৪৭০,২৫,৬০,১৪৩টকা। ইয়াৰ বিপৰীতে কাৰ্যালয়টোৱে এইবাৰ ৰাজ্যৰ ৰাজকোষলৈ পূৰ্বতকৈ ৬৪কোটিৰো অধিক অৰ্থাৎ ৫৩৪কোটি,৬৮ লাখ, ১৭হাজাৰ,৩৯৭(৫৩৪,৬৮,১৭,৩৯৭) টকাৰ ৰাজহ সংগ্ৰহৰ উল্লেখনীয় বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে। উল্লেখ্য যে,ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ অধীনৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাৰ কাৰ্যালয়ে এই বিত্তীয় বৰ্ষত ৫০০,৭৮,০৩,২৫৯ কোটি টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰে। একেদৰে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ অধীনৰ প্ৰৱৰ্তক শাখাই জৰিমণা আকাৰে ৩১,৮৩,২৫,৮৩৮ কোটি টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰাৰ লগতে বিভাগটোৰ অন্যতম পৰিবহণ বিষয়া তামচিন আফটাবৰ অধীনৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী কাৰ্যালয়েও ২,০৬,৮৮,৩০০ কোটি টকাৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি এই বৰ্ষত পূৰ্বৰ সকলো বিত্তীয় বৰ্ষৰ অভিলেখ ভঙ্গ কৰি বিভাগটোৱে সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে ৷ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই আটাইকেইটা কাৰ্যালয়ে সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰা কাৰ্যত বিভাগৰ বিষয়া-কৰ্মীসকল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে আৰু পৰিবহণৰ উচ্চপদস্থ বিষয়া গৌতম দাসক অভিনন্দন জনায় ৷ পৰিবহণ বিষয়াগৰাকীয়ে ৰাজহ সংগ্ৰহৰ এই সফলতাৰ বাবে বিভাগৰ বিষয়া-কৰ্মী, বিশেষকৈ দিন-ৰাতি একাকাৰ কৰি অবিৰতভাৱে যানবাহনৰ গৰাকীক সময়মতে কৰ আদায় দিয়াৰ ক্ষেত্ৰত সজাগ-সচেতন কৰি তোলা প্ৰৱৰ্তক পৰিদৰ্শকৰ দল, সংবাদ মাধ্যমৰ লগতে যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ বাহনৰ গৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ আহ্বান জনায় ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...