মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? বৰ্ণনা দিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? এই প্ৰশ্ন নিশ্চয় আপোনাৰো মনত উদয় হয়, নাইবা আপোনাৰো জানিবলৈ মন যায় মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা হয় ভাৰত। শেহতীয়াকৈ মহাকাশচাৰী সুনীতা উইলিয়ামছে ক’লে মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা হয় ভাৰতখন?

আঠদিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ। কিন্তু অনাকাংক্ষিতভাৱে প্ৰায় ৯মাহে মহাকাশত আৱদ্ধ হৈ পৰিছিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী। আৰু এইবাৰ পৃথিৱীলৈ উভতি অহাৰ পিছতেই এক সংবাদমেলযোগে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ্ছ উইলম’ৰে। মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ কেনেকুৱা? এই সন্দৰ্ভত সুনীতা উইলিয়ামছে কয় যে, ‘মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ অপূৰ্ব।’ ভাৰতৰ পিতৃগৃহলৈও অহাৰ কথা ক’লে সুনীতা উইলিয়ামছে। লগতে তেওঁ কয় যে, ‘মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহি আমি অত্যন্ত সুখী। আমি কেতিয়াও মহাকাশত আবদ্ধ হৈ থকা বুলি ভবা নাছিলো। আমি পৃথিৱীত কি হৈ আছিল সবিশেষ জ্ঞাত নাছিলো।’ সমগ্ৰ অভিযানটোক লৈ দুয়ো মহাকাশচাৰীয়ে গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাস প্ৰকাশ কৰে। ভৱিষ্যতৰ বিসংগতি সন্দৰ্ভতো মহাকাশচাৰীদ্বয় সজাগ আৰু সচেতন। মহাকাশ অভিযানত সৃষ্টি হ’ব পৰা সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিব দুয়োজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...