সৰ্বকালৰ সৰ্বাধিক ৫৩৪ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগত

নিয়মীয়াকৈ কৰ পৰিশোধ, যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ বাহনৰ গৰাকীলৈ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কৃতজ্ঞতা

২০২৪-২৫ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৫৩৪কোটিৰো অধিক টকাৰ যান-বাহনৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰে ৷ কাৰ্যালয়টোৱে যোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৪৭০,২৫,৬০,১৪৩টকা। ইয়াৰ বিপৰীতে কাৰ্যালয়টোৱে এইবাৰ ৰাজ্যৰ ৰাজকোষলৈ পূৰ্বতকৈ ৬৪কোটিৰো অধিক অৰ্থাৎ ৫৩৪কোটি,৬৮ লাখ, ১৭হাজাৰ,৩৯৭(৫৩৪,৬৮,১৭,৩৯৭) টকাৰ ৰাজহ সংগ্ৰহৰ উল্লেখনীয় বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে। উল্লেখ্য যে,ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ অধীনৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাৰ কাৰ্যালয়ে এই বিত্তীয় বৰ্ষত ৫০০,৭৮,০৩,২৫৯ কোটি টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰে। একেদৰে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ অধীনৰ প্ৰৱৰ্তক শাখাই জৰিমণা আকাৰে ৩১,৮৩,২৫,৮৩৮ কোটি টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰাৰ লগতে বিভাগটোৰ অন্যতম পৰিবহণ বিষয়া তামচিন আফটাবৰ অধীনৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী কাৰ্যালয়েও ২,০৬,৮৮,৩০০ কোটি টকাৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰি এই বৰ্ষত পূৰ্বৰ সকলো বিত্তীয় বৰ্ষৰ অভিলেখ ভঙ্গ কৰি বিভাগটোৱে সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে ৷ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই আটাইকেইটা কাৰ্যালয়ে সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰা কাৰ্যত বিভাগৰ বিষয়া-কৰ্মীসকল স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে আৰু পৰিবহণৰ উচ্চপদস্থ বিষয়া গৌতম দাসক অভিনন্দন জনায় ৷ পৰিবহণ বিষয়াগৰাকীয়ে ৰাজহ সংগ্ৰহৰ এই সফলতাৰ বাবে বিভাগৰ বিষয়া-কৰ্মী, বিশেষকৈ দিন-ৰাতি একাকাৰ কৰি অবিৰতভাৱে যানবাহনৰ গৰাকীক সময়মতে কৰ আদায় দিয়াৰ ক্ষেত্ৰত সজাগ-সচেতন কৰি তোলা প্ৰৱৰ্তক পৰিদৰ্শকৰ দল, সংবাদ মাধ্যমৰ লগতে যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ বাহনৰ গৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ আহ্বান জনায় ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...