মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? বৰ্ণনা দিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? এই প্ৰশ্ন নিশ্চয় আপোনাৰো মনত উদয় হয়, নাইবা আপোনাৰো জানিবলৈ মন যায় মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা হয় ভাৰত। শেহতীয়াকৈ মহাকাশচাৰী সুনীতা উইলিয়ামছে ক’লে মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা হয় ভাৰতখন?

আঠদিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ। কিন্তু অনাকাংক্ষিতভাৱে প্ৰায় ৯মাহে মহাকাশত আৱদ্ধ হৈ পৰিছিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী। আৰু এইবাৰ পৃথিৱীলৈ উভতি অহাৰ পিছতেই এক সংবাদমেলযোগে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ্ছ উইলম’ৰে। মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ কেনেকুৱা? এই সন্দৰ্ভত সুনীতা উইলিয়ামছে কয় যে, ‘মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ অপূৰ্ব।’ ভাৰতৰ পিতৃগৃহলৈও অহাৰ কথা ক’লে সুনীতা উইলিয়ামছে। লগতে তেওঁ কয় যে, ‘মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহি আমি অত্যন্ত সুখী। আমি কেতিয়াও মহাকাশত আবদ্ধ হৈ থকা বুলি ভবা নাছিলো। আমি পৃথিৱীত কি হৈ আছিল সবিশেষ জ্ঞাত নাছিলো।’ সমগ্ৰ অভিযানটোক লৈ দুয়ো মহাকাশচাৰীয়ে গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাস প্ৰকাশ কৰে। ভৱিষ্যতৰ বিসংগতি সন্দৰ্ভতো মহাকাশচাৰীদ্বয় সজাগ আৰু সচেতন। মহাকাশ অভিযানত সৃষ্টি হ’ব পৰা সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিব দুয়োজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...