কান্তা প্ৰসাদৰ আত্মহননৰ চেষ্টা! পুনৰ বিপদত গৌৰৱ ৱাছন

YouTuberগৌৰৱ ৱাছনৰ বিৰুদ্ধে “বাবা কা ধাবা”ৰ মালিক কান্তা প্ৰসাদৰ ধন আত্মসাতৰ অভিযোগ
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য
গৌৰৱ ৱাছনক ক্ষমা বিচাৰিও গোচৰ উঠাই লোৱা নাছিল কান্তা প্ৰসাদে
কিয় আত্মহননৰ চেষ্টা চলাইছিল কান্তা প্ৰসাদে?

গুৱাহাটী, ২১ জুন, NKTV: “বাবা কা ধাবা”ৰ মালিক কান্তা প্ৰসাদৰ কথা বাৰু এতিয়া কোনে নাজানে! ইউটিউবাৰ গৌৰৱ ৱাছনে কান্তা প্ৰসাদৰ ওপৰত নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ বনোৱাৰ পিছতেই এটা ৰাতিৰ ভিতৰতেই জনপ্ৰিয় হৈ উঠিছিল কান্তা প্ৰসাদ লগতে তেওঁৰ “বাবা কা ধাবা” নামেৰে পৰিচিত ধাবাখন। চেলিব্ৰেটি হৈ উঠিছিল বাবা। বাবাৰ ধাবাত সমাগম ঘটিছিল অজস্ৰ গ্ৰাহকৰ। এটা ৰাতিৰ ভিতৰতেই জনপ্ৰিয় তাৰকা লৈ সলনি হৈছিল বাবা কান্তা প্ৰসাদ। ইউটিউবাৰ গৌৰৱ ৱাছনৰ মাত্ৰ এটা ভিডিঅ’ই জুপুৰিৰ বাবাক লাখপতি বাবালৈ সলনি কৰি পেলাইছিল। পিছে কান্তা প্ৰসাদে ইউটিউবাৰ গৌৰৱ ৱাছনৰ বিৰুদ্ধে বাবালৈ অনুৰাগীয়ে আগবঢ়োৱা টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কান্তা প্ৰসাদে অভিযোগ উত্থাপন কৰাৰ ৮ সপ্তাহ পিছত দিল্লী আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে এক আচৰিত তথ্য। ইউটিউবাৰ গৌৰৱ ৱাছন আৰু তেওঁৰ পত্নীৰ একাউণ্টলৈ অহা মুঠ ৪.৫ লাখ টকা কান্তা প্ৰসাদে গৌৰৱ ৱাছনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতহে বাবা কান্তা প্ৰসাদৰ একাউন্তলৈ স্থানান্তৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, অতি শীঘ্ৰেই ইউটিউবাৰ গৌৰৱ ৱাছনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হ’ব। ইতিমধ্যে আৰক্ষীৰ এজন বিষয়াই গৌৰৱ ৱাছনক আৰক্ষীয়ে সোধপোচ কৰাৰ লগতে তেওঁৰ বক্তব্যসমূহ ৰেকৰ্ড কৰাৰ কথাও সদৰি কৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ৮১ বছৰীয়া কান্তা প্ৰসাদে আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিছত অতি শোচনীয় অৱস্থাত তেওঁক চাফদাৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ পত্নীয়ে জনোৱা মতে বিগত কিছদিন ধৰি কান্তা প্ৰসাদ মানসিকভাৱে ভাগি পৰিছিল। চলিত মাহৰ আৰম্ভণিতেই কান্তা প্ৰসাদে ইউটিউবাৰ গৌৰৱ ৱাছনৰ ওচৰত ক্ষমা বিচাৰিছিল। “ALL’S WELL THAT ENDS WELL” বুলি লিখি ইউটিউবাৰ গৌৰৱ ৱাছনে কান্তা প্ৰসাদলৈ সহাৰি জনোৱাও দেখিবলৈ পোৱা গৈছিল। কিন্তু ৪.৫ লাখ টকা নিজৰ একাউন্টত ৰাখি বাবালৈ কিয় মাত্ৰ ২ লাখ টকাহে আগবঢ়াইছিল ইউটিউবাৰজনে? কান্তা প্ৰসাদে ইউটিউবাৰজনৰ ওচৰত ক্ষমা বিচাৰিছিল ঠিকেই কিন্তু তেওঁ গৌৰৱৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লোৱা নাছিল কিয়? বাবাৰ অভিযোগ সঁচা আছিল নেকি বাৰু? এয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...