ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ চাৰিগৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ অনন্য গৌৰৱময় সফলতা অৰ্জন কৰিছে৷ চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি হোৱা বক্সিঙৰ ছেমিফাইনেলত অসমৰ দুই অলিম্পিয়ান লাভলীনা বৰগোহাই আৰু শিৱ থাপাৰ লগতে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়ো তথা নৱাগত চাঞ্চল্য অভিনৱ শইকীয়াই নিজৰ নিজৰ ওজন শাখাৰ খেলত জয়লাভ কৰি স্বৰ্ণজয়ৰ দিশে অগ্ৰসৰ হৈছে৷ বিপৰীতে মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত খেলা আইকন মিলি ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ অৰ্জন কৰে৷

২০২২ ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰি প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্ৰাম শাখাত খেলিবলৈ লোৱা অলিম্পিক পদকজয়ী লাভলীনাই আজিও কোনো কষ্ট নকৰাকৈয়ে নাগালেণ্ডৰ মহিলা বক্সাৰ ৰেনুক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি লক্ষ্যপ্ৰাপ্তিৰ অন্তিম যুঁজখনকৈ অগ্ৰসৰ হয়৷ উল্লেখ্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলিনাই পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে অংশ লোৱা নাছিল যদিও এইবাৰ পুনৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি কেৰিয়াৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সোণ জয়ৰ মধুৰ সন্ধিক্ষণত উপনিত হৈছে৷ ফাইনেলত লাভলীনাই হিমাচলৰ বক্সাৰৰ মুখামুখি হ’ব৷

খেলৰত্ন লাভলিনাৰ দৰেই দুবাৰৰ অলিম্পিয়ান শিৱ থাপায়ো বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱাৰ পৰা আঁতৰি আছিল৷ কিন্তু এইবাৰ পুনৰ দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখনত অংশ লৈ নতুন আশাৰে ২০২৫ ৰ আৰম্ভনি কৰিছে৷ আজি হোৱা ৬৩.৫ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত শিৱই ৫-০ ৰ ব্যৱধানত মহাৰাষ্ট্ৰৰ বক্সাৰক হেলাৰঙে পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত প্ৰৱেশ কৰাৰ সফলতা পালে৷ উল্লেখ্য যে গুজৰাটত ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ অৰ্জনে আছিল ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱৰ এতিয়ালৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন৷ স্বৰ্ণজয়ী মেচত শিৱৰ প্ৰতিদ্বন্দ্বী হ’ব ছাৰ্ভিছেজৰ বক্সাৰ৷

ইফালে, শিৱৰ অস্তৰাগৰ সময়তে বক্সিং ৰিঙত নতুন প্ৰতিভাৰূপে জন্ম হৈছে অসম সন্তান অভিনৱৰ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপ জয় কৰি ৰাজ্যৰ পুৰুষ বক্সিং ক্ষেত্ৰলৈ নতুন আশা লৈ অনা অভিনৱে আজি হোৱা ৭১ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত চমক সৃষ্টিৰে দিল্লীৰ প্ৰতিদ্বন্দীক ৫-০ ত বিধ্বস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ কেৰিয়াৰৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াতে পদক নিশ্চিত কৰা অভিনৱে কাইলৈ ফাইনেলত ছাৰ্ভিছেজৰ বক্সাৰৰ মুখামুখি হ’ব৷ অভিনৱৰ বাধাহীন অগ্ৰগতি লক্ষ্যত সমাপন হ’লেই নতুন অভিলেখ গঢ়িব পাৰিব৷

ইফালে, অসমৰ অংকুশিতাই আজি মহিলাৰ ৬৬ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত নগালেণ্ডৰ সঞ্জুক ৫-০ ত পৰাস্ত কৰি ক্ৰমাগত তিনিখন ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত প্ৰৱেশৰে হেট্ৰিক অৰ্জন কৰিলে৷ ইয়াৰপূৰ্বে অংকুশিতাই গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত সোন লাভ কৰিছিল৷ সোণৰ জয়ৰ হেট্ৰিকৰ গৌৰৱৰ বাবে কাইলৈ অংকুশিতা উত্তৰাখণ্ডৰ মহিলাৰ মুখামুখি হ’ব৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চত ২০২২ ৰ পৰাই অপৰাজেয় হৈ আছে অসম কন্যা৷ গুজৰাট আৰু গোৱাৰ প্ৰদৰ্শন উত্তৰাখণ্ডতো ধৰি ৰাখি ক্ৰমাগত এঘাৰখন মেচত জয়লাভ কৰি ভাৰতীয় বক্সিঙত অনন্য অভিলেখ গঢ়িছে অংকুশিতাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...