সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে। নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত এই পদক্ষেপ ৰিজাৰ্ভ বেংকৰ। বেংকৰ মানিটেৰী পলিচী কমিটীৰ সিদ্ধান্তক দেশজুৰি আদৰণি। ৰিজাৰ্ভ বেংকৰ REPO RATE কমালে ৬.২৫ শতাংশ পৰিমাণলৈ। বিগত ১১ বছৰ ধৰি এই হাৰ হৈ আছিল ৬.৫ % পৰিমাণে। ৰিজাৰ্ভ বেংকে অন্য বেংকক দিয়া ধনৰ সুদৰ হাৰেই হৈছে REPO RATE। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ GDP ৭.২ % বৃদ্ধিৰ লক্ষ্য। দেশৰ অৰ্থনৈতিক জৰীপে এই বৃদ্ধি ৬.৪% পৰিমাণে হ’ব বুলি কৰিছিল ধাৰণা। REPO RATE হ্ৰাস ঘোষণাৰ পিছতে ছেনছেক্সত পতন বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ। ব’ম্বে ষ্টক এক্সচেঞ্জত ছেনছেক্সৰ পতন ৩২৮ পইণ্ট পৰিমাণে। অৱশ্যে ইয়াৰ অধিক পৰিমাণৰ বিনিয়োগ হ’ব বুলি আশা প্ৰকাশ বিনিয়োগকাৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...