সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে। নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত এই পদক্ষেপ ৰিজাৰ্ভ বেংকৰ। বেংকৰ মানিটেৰী পলিচী কমিটীৰ সিদ্ধান্তক দেশজুৰি আদৰণি। ৰিজাৰ্ভ বেংকৰ REPO RATE কমালে ৬.২৫ শতাংশ পৰিমাণলৈ। বিগত ১১ বছৰ ধৰি এই হাৰ হৈ আছিল ৬.৫ % পৰিমাণে। ৰিজাৰ্ভ বেংকে অন্য বেংকক দিয়া ধনৰ সুদৰ হাৰেই হৈছে REPO RATE। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ GDP ৭.২ % বৃদ্ধিৰ লক্ষ্য। দেশৰ অৰ্থনৈতিক জৰীপে এই বৃদ্ধি ৬.৪% পৰিমাণে হ’ব বুলি কৰিছিল ধাৰণা। REPO RATE হ্ৰাস ঘোষণাৰ পিছতে ছেনছেক্সত পতন বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ। ব’ম্বে ষ্টক এক্সচেঞ্জত ছেনছেক্সৰ পতন ৩২৮ পইণ্ট পৰিমাণে। অৱশ্যে ইয়াৰ অধিক পৰিমাণৰ বিনিয়োগ হ’ব বুলি আশা প্ৰকাশ বিনিয়োগকাৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...