অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত বৃহস্পতিবাৰে জেৰা চলোৱা হয় তামান্নাক। EDৰ কাৰ্যালয়ত অনলাইন গেমিং সন্দৰ্ভত জেৰা চলাইছিল তামান্নাক। মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত জেৰা অভিনেত্ৰীগৰাকীক। দিনৰ ১.২৫ বজাত EDৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তি কাৰ্যালয়ত হৈছিল উপস্থিত। পূৰ্বতে মহাৰাষ্ট্ৰত EDয়ে কেইবাৰো চমন দিছিল তামান্নাক। নিশা প্ৰায় ৯ বজাত যাবলৈ দিয়া হ’ল বলীউডৰ অভিনেত্ৰীগৰাকীক। নিশাটো গুৱাহাটীতে কটালে তামান্নাই। মাতৃৰ সৈতে গুৱাহাটীলৈ আহিছিল তামান্না ভাটিয়া। জেৰাৰ অন্তত EDৰ কাৰ্যালয়ত দেখা গ’ল বিপৰীত দৃশ্য। একাংশই তামান্নাৰ সৈতে ছেলফী উঠিবলৈ লগালে হেতাওপৰা। মহাদেৱ বেটিং এপ কাণ্ডত নাম সাঙুৰ খাইছিল সঞ্জয় দত্ত, ৰেপাৰ বাদশ্বাহৰো নাম। অভিনেতা ছাহিল খানকো একেটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মহাদেৱ বেটিং এপৰ জৰিয়তে ১৫ হাজাৰ কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ।

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...