পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক নীতি অনুযায়ী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ জয়শংকৰৰ। ইছলামাবাদত অনুষ্ঠিত নৈশ ভোজতো অংশগ্ৰহণ কৰে জয়শংকৰে। নৈশ ভোজতে প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতে বাৰ্তালাপ ভাৰতৰ বিদেশমন্ত্ৰীৰ।দুদিনীয়া SCO বৈঠকৰ মাজতে একাধিক একাষৰীয়া বৈঠকত অংশগ্ৰহণ জয়শংকৰৰ। অৱশ্যে পাকিস্তানৰ নেতাৰ সৈতে কোনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত নহয়। ভাৰতৰ বিদেশমন্ত্ৰীৰ ভ্ৰমণক লৈ পাকিস্তানত দেখা গৈছে উৎসুকতা। ২০১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিদেশমন্ত্ৰী গৈছে পাকিস্তানলৈ। ২০১৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী সুষমা স্বৰাজ গৈছিল পাকিস্তানলৈ। জয়শংকৰৰ পাকিস্তান ভ্ৰমণে দেশ দুখনৰ মাজত সম্পৰ্ক সহজ কৰাৰ আশা পাকিস্তানীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...