পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক নীতি অনুযায়ী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ জয়শংকৰৰ। ইছলামাবাদত অনুষ্ঠিত নৈশ ভোজতো অংশগ্ৰহণ কৰে জয়শংকৰে। নৈশ ভোজতে প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতে বাৰ্তালাপ ভাৰতৰ বিদেশমন্ত্ৰীৰ।দুদিনীয়া SCO বৈঠকৰ মাজতে একাধিক একাষৰীয়া বৈঠকত অংশগ্ৰহণ জয়শংকৰৰ। অৱশ্যে পাকিস্তানৰ নেতাৰ সৈতে কোনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত নহয়। ভাৰতৰ বিদেশমন্ত্ৰীৰ ভ্ৰমণক লৈ পাকিস্তানত দেখা গৈছে উৎসুকতা। ২০১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিদেশমন্ত্ৰী গৈছে পাকিস্তানলৈ। ২০১৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী সুষমা স্বৰাজ গৈছিল পাকিস্তানলৈ। জয়শংকৰৰ পাকিস্তান ভ্ৰমণে দেশ দুখনৰ মাজত সম্পৰ্ক সহজ কৰাৰ আশা পাকিস্তানীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...