আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা তথা গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত আয়োজক অসমৰ ১৩ গৰাকী খেলুৱৈয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় কৰাটো নিশ্চিত কৰিছে৷

যুৱ মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ ভাৰতী কুমাৰীয়ে মনিপুৰৰ ৰেনুকা দেৱীক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এই ওজন শাখাৰে আন এখন কোৱাৰ্টাৰ ফাইনেলত অসমৰ ৰিম্পী পেগুৱে ৰাজ্যৰে নেন্সি বৰাক পৰাস্ত কৰি পদক জয় নিশ্চিত কৰে৷ আনহাতে, ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ মনিকা চুব্বাই সতীৰ্থ আইশ্ৰী হাজৰিকাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ বিপৰীতে যুৱ মহিলাৰ অন্য ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ সাত বক্সাৰ পৰাজয়ৰ সন্মুখীন হয়৷

ইফালে, যুৱ পুৰুষ শাখাৰ ৬০ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ জুনাইদ আননে হাৰিয়ানৰ তুষাৰক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ আনহাতে, ৭০ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ যুৱৰাজ যাদবে অন্ধ্ৰ প্ৰদেশৰ ছাই প্ৰনীথ ৰেড্ডীক হৰুৱায়৷ অসমৰ গংগা ৰাভাই ৭০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত হাৰিয়ানাৰ নিশান্তক আৰু আকাশ কচাৰীয়ে ৮৫ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত হাৰিয়ানাৰে আৰিয়ান চৌধুৰীক পৰাস্ত কৰি পদক নিশ্চিত কৰে৷

ইফালে, এলিট পুৰুষ শাখাত অসমৰ একমাত্ৰ বক্সাৰ ৰূপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৮৬ কিলোগ্ৰাম শাখাত খেলা খাৰানান্দাই৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁ বংগৰ প্ৰেম প্ৰসাদক পৰাস্ত কৰে৷ বিপৰীতে এলিট মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ পাঁচ গৰাকী বক্সাৰে জয়লাভ কৰি পদক নিশ্চিত কৰে৷

দ্বিপাঞ্জলী দৈমাৰীয়ে ৪৮ কিলোগ্ৰাম শাখাত দিল্লীৰ মাহেক দাৰাৰক , ভূপালীয়ে ৫০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত উত্তৰ প্ৰদেশৰ ৰাশী শৰ্মাক , সুমিত্ৰা ব্ৰহ্মই ৫৪ কিলোগ্ৰাম শাখাত উত্তৰ প্ৰদেশৰ নীলম চৌহানক , মঞ্জু বসুমতাৰীয়ে ৫৪ কিলোগ্ৰাম শাখাতে হাৰিয়ানাৰ বিষু ৰাঠীক আৰু মনালিছা বসুমতাৰীয়ে ৫৭ কিলোগ্ৰাম শাখাত মধ্য প্ৰদেশৰ দিব্যা নাগাৰক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷

অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত যুৱ আৰু এলিট পুৰুষ-মহিলাৰ খেল সমাপ্ত হোৱাৰ পাছতে ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰৰ সকলো ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাত যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...