নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ। সেয়ে সমবেত হৈছে ৰাইজ। অসমীয়া বসতিপূৰ্ণ গাঁৱখনত ভয় শংকাত দিন কটাইছে ৰাইজে। প্ৰায় ১৮ ঘৰ খিলঞ্জীয়া বসবাস কৰে এই অঞ্চলত। ৰাইজৰ মতে, ৩ বছৰ আগলৈকে নাছিল কোনো সমস্যা। কিন্তু এতিয়া, এতিয়া অঞ্চলটোত ভয় আৰু শংকা। বিগত কেইটামান মাহে ঘটিছে বহুকেইটা ঘটনা। শেহতীয়াকৈ খিলঞ্জীয়া যুৱকক প্ৰাণে মৰাৰো ভাবুকি। আক্ৰমণ কৰিলে চোকা অস্ত্ৰৰে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ৰাইজে অভিযোগ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে মিলি অঞ্চলটোত সৃষ্টি কৰিছে অৰাজক পৰিস্থিতি। গাঁওখনত বিভিন্ন চুৰিকাণ্ডৰো অভিযোগ। এতিয়া এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান গঞাৰ। সমগ্ৰ ঘটনাপঞ্জীয়ে বহুকেইটা বিষয় উত্থাপিত কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্নও আহি পৰিছে। অৱশ্যে যি মাটিত তিনিটাকৈ পৰিয়াল বহিল সেই স্থানো অৱশ্যে খিলঞ্জীয়ায়েই বিক্ৰী কৰা। লক্ষণীয় হ’ব চৰকাৰ প্ৰশাসনে কি ভূমিকা ল’ব সমগ্ৰ ঘটনাক্ৰমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...