মহানগৰীত এয়া কেনে কাণ্ড.. ভৰলুত কোনে দলিয়ালে নৱজাতকক?

উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী এতিয়া যেন পৰ্যৱসিত হৈছে অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ঘটনা। হত্যা, ধৰ্ষণ, চুৰিকাণ্ডৰ দৰে ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভৰলু নৈত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ। বিষ্ণুপুৰ GMC ক’লনীৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো। দুদিন পূৰ্বে নৱজাতকটিক পেলাই থৈ যোৱাৰ সন্দেহ। ফুলি যোৱা অৱস্থাত আৱৰ্জনাৰ মাজত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। বৰ্তমানেও উদ্ধাৰ হোৱা নাই নৱজাতকটিৰ পৰিচয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি লৈ যায় GMCHলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...