মহাৰাষ্ট্ৰত ‘ইণ্ডিয়া’ৰ শক্তি বৃদ্ধি!

লোকসভা নিৰ্বাচনৰ পিছতে NCPৰ অজিত গোটত ভাঙোন। অজিতক এৰি ৪ শীৰ্ষ নেতাই আশীৰ্বাদ ল’লেগৈ শাৰদ পাৱাৰৰ। লোকসভা নিৰ্বাচনৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনীতিত সৃষ্টি হৈছে জোকাৰণিৰ। ভাঙোন আৰম্ভ হৈছে NCPৰ অজিত পাৱাৰৰ গোটত। অজিত পাৱাৰক এৰি বহু নেতা কাষ চাপিছে শাৰদ পাৱাৰৰ। মঙলবাৰে অজিত পাৱাৰৰ ৪ শীৰ্ষ নেতাই পদত্যাগ কৰি বুধবাৰে যোগ দিলে শাৰদ পাৱাৰৰ NCPত। এই ৪ গৰাকী নেতা–নেত্ৰীৰ লগতে অজিত পাৱৰক এৰা আন বহু নেতা–কৰ্মীয়েও যোগ দিলে NCP শাৰদ পাৱাৰ গোটত। শাৰদ পাৱাৰৰ ভৰি চুই আশীৰ্বাদো ল’লে পুনৰ ঘূৰি অহা সকললে। শাৰদ পাৱাৰে নিজে গলবস্ত্ৰ পিন্ধাই আদৰিলে পুৰণি সতীৰ্থক।

বৰ্তমান মহাৰাষ্ট্ৰৰ ক্ষমতাত আছে বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰ নেতৃতাধীন NCP. শিৱসেনা আৰু NCP ত ভাঙোন আনি মহাৰাষ্ট্ৰ মহা বিকাশ আঘাড়ীৰ চৰকাৰ ভাঙি একনাথ সিন্দেই বিজেপিৰে মিলি গঠন কৰে চৰকাৰ। পৰৱৰ্তী সময়ত অজিত পাৱাৰে NCP ভাঙি যোগ দিয়ে একনাথ সিন্দেৰ চৰকাৰত। এতিয়া যেন সময়ৰ চকৰি যেন ওলোটাই ঘূৰিছে।

লোকসভা নিৰ্বাচনৰ ফলাফলে সলনি কৰিছে মহাৰাষ্ট্ৰ ৰাজনীতিৰ প্ৰেক্ষাপট। লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত মুখ থেকেচা খালে NDA-ই। বিজেপি, সিন্দে সেনা আৰু অজিত পাৱাৰৰ NCPৰ শোচনীয় পাৰজয় পিছত শাসকীয় প্ৰক্ষৰ প্ৰতি মোহভংগ ঘটিছে একাংশ নেতা–কৰ্মীৰ। তাৰেই বাস্তৱ ৰূপ দেখা গ’ল বুধবাৰে। অজিতৰ লগ এৰি শাৰদ পাৱাৰৰ লগ লাগিল এইসকল নেতা–কৰ্মী। শাৰদ পাৱাৰেও মন্তব্য কৰিছে দলক ক্ষতি কৰিব নিবিচৰা কোনো পুৰণি নেতা-কৰ্মী ঘুৰি আহিব খুজিলে তেওঁলোকক দলে স্থান দিব। শাৰদ পাৱাৰৰ মন্তব্যই যেন বহু ইংগিত দিলে। শীঘ্ৰে আন বহু নেতা–কৰ্মীয়ে অজিত পাৱাৰ লগ এৰি NCP শাৰদ চন্দ্ৰ পাৱাৰ গোটত যোগ দিয়াৰ সম্ভাৱনা আছে।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...