দৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

দৈ আৰু অসমীয়া সমাজৰ যেন এটা এৰাব ৱোনাৰা সম্পৰ্ক আছে৷ অসমত সকলোৰে এবিধ প্রিয় খাদ্য হৈছে দৈ। দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ দ্ৰব্য৷ কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয়৷ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই ই উপকাৰী।

দৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহকচোন

১. ভিটামিন ডি সমৃদ্ধ দৈয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে ই হজম শক্তি বৃদ্ধি কৰাতো সহায় কৰে।

২. দৈত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি থাকে। দৈনিক প্ৰয়োজন হোৱা কেলচিয়ামৰ ৪৯%, ফছফৰাছৰ ৩৮%, মেগনেছিয়ামৰ ১২% আৰু পটাছিয়ামৰ ১৮% শতাংশ একাপ দৈ’ত পোৱা যায়।

৩. দৈ’য়ে হৃদযন্ত্ৰৰ সমস্যা প্ৰতিৰোধ আৰু হ্ৰাস কৰাত সহায় কৰে। দৈনিক আহাৰত দৈ’ৰ অন্তৰ্ভুক্তিয়ে কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ই হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰাত সহায় কৰে। দৈ গ্ৰহণ কৰিলে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ বিপদাশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয়।

৪. দৈ সৌন্দৰ্য বৃদ্ধিৰ বাবেও জনপ্ৰিয়। দৈ’ত থকা খনিজ পদাৰ্থই ছালখন স্বাস্থ্যৱান কৰি ৰাখে। মুখত দৈ ব্যৱহাৰ কৰিলে ছাল মসৃণ হোৱাৰ লগতে উজ্জ্বল আৰু কোমল হয়।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰতহে আধাৰিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...