আই পি এলত আজি দিল্লীৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে

গুৱাহাটীৰ মেচৰ সফলতাৰে শীৰ্ষত উপনীত হোৱাৰ লক্ষ্য শ্বেন বণ্ডৰ

নতুন দিল্লী, ৬ মে’ : চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ কাইলৈ নতুন দিল্লীৰ অৰুন জেটলী ষ্টেডিয়ামত হ’বলগা মেচত ঘৰুৱা দল দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে৷ উল্লেখ্য যে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত হোৱা মেচত ৰয়েলছে হেলাৰঙে পৰাস্ত কৰিছিল দিল্লীক৷ এমাহ পূৰ্বৰ সেই মেচৰ নায়ক আছিল ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগ৷ অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত জয় অৰ্জন কৰাত মুল ভূমিকা লৈছিল ৰিয়ানে৷

কাইলৈ মেচতো ৰয়েলছে আত্মবিশ্বাসৰে খেলিব বুলি আজি সংবাদ মেলত ব্যক্ত কৰে নিউজিলেণ্ডৰ প্ৰাক্তন পেচ বলাৰ তথা ৰয়েলছৰ সহকাৰী প্ৰশিক্ষক শ্বেন বণ্ডে৷ উল্লেখ্য যে অন্তিম মেচত হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হৈ দেশৰ ৰাজধানী চহৰলৈ অহা ৰাজস্থান ৰয়েলছে শীৰ্ষস্থান হেৰুৱাই এতিয়া পইণ্ট তালিকাৰ দ্বিতীয়ত আছে৷ কে কে আৰ আৰু ৰয়েলছে ১৬ পইণ্টকৈ লাভ কৰিছে যদিও ৰাণৰ গড় হিচাপত কলকাতা প্ৰথমস্থানত আছে৷ কিন্তু যোৱা মেচৰ ব্যৰ্থতাই দলৰ দৃঢ়তাত আঘাত কৰা নাই বুলি আজি ৰয়েলছৰ বলিং প্ৰশিক্ষক বণ্ডে লগতে কয়৷

‘আমি ছিজনৰ ১০ খন মেচৰ দুখনত পৰাস্ত হৈছো৷ দূয়োখন মেচৰে ফলাফল অন্তিম অভাৰত নিৰ্ণয় হৈছিল৷ গতিকে আমি শীৰ্ষস্থান হেৰুৱাই নিৰাশ নহওঁ৷ চাৰিখন মেচ খেলিবলৈ বাকী আছে আৰু অন্তিম মেচ দুখন আমি ঘৰত খেলিম৷ গুৱাহাটীত আমি যোৱা বছৰ ভাল প্ৰদৰ্শন কৰিছো৷ উইকেট আৰু আউটফিল্ড সুন্দৰ৷ আমাৰ প্ৰতিদ্বন্দ্বী হ’ব কিংছ আৰু কে কে আৰ৷ ইতিমধ্যে দূয়োটা দলকে আমি পৰাস্ত কৰিছো৷ সেয়ে আমি শীৰ্ষস্থানত পুনৰবাৰ আৰোহন কৰিম৷’ বণ্ডে ব্যক্ত কৰে৷

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত দলটোৱে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ দিল্লীৰ মেচৰ পাছতে ৰয়েলছে ১২ মে’ত চেন্নাইত মেচ খেলিব আৰু অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান দল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...