বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন বনকৰ্মীৰ

হাতী-মানুহৰ সংঘাতে পাইছেগৈ চৰম পৰ্যায়
ঢেকীয়াজুলিত সংঘটিত হ’ল শোকাৱহ ঘটনা
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন বনকৰ্মীৰ

ঢেকিয়াজুলিৰ ধীৰাইমাজুলীত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত৷ যতীন তাঁতি নামৰ এজন লোকক নিশা আক্ৰমণ কৰিছিল বনৰীয়া হাতীয়ে। সেই খবৰ পায়েই ধীৰাইমাজুলীলৈ ৰাওনা হৈছিল বনকৰ্মীৰ এটা দল। হাতীটোক নিয়ন্ত্ৰণৰ চেষ্টা চলালে বনকৰ্মীয়ে। তেতিয়াই হাতীটোৱে আক্ৰমণ কৰিলে দুজন বনকৰ্মীক।

কোলেশ্বৰ বড়ো আৰু বীৰেণ ৰাভা। হাতীৰ গছকত থিতাতে নিহত দুয়োজন বনকৰ্মী। আমাৰীবাৰী ৰেঞ্জৰ বনকৰ্মী দুজনৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালত। ইপিনে হাতীৰ আক্ৰমণত প্ৰাণ যোৱা যতীন তাঁতীৰ ঘৰতো শোকৰ ছাঁ। দৰিদ্ৰ পৰিয়ালটো বহু কষ্ট কৰি পোহপাল দিছিল যতীন তাঁতীয়ে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া। যতিন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালক ১০ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়ায় বনবিভাগে৷ ঘটনাস্থলীত উপস্থিত বৰচলাৰ বিধায়ক গনেশ লিম্বু।

অতিৰিক্ত বাহিনী নিয়োগ কৰিব লাগে এই স্থানত। কাৰণ হাতী উগ্ৰ। প্ৰাণ লৈছে ইজনৰ পাছত সিজনৰ। সাধাৰণ লোকৰ টোপন হৰিছে বনৰীয়া হাতীয়ে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...