কি হৈছে মানুহৰ? ডাইনীৰ অপবাদতেই এগৰাকী মহিলাক হত্যা মস্তিষ্কহীন একাংশৰ

বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানৱ জাতিক বহুদূৰ আগুৱাই নিলেও ক’ৰবাতে যেন ৰৈ গৈছে একাংশৰ মানসিকতা। এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহিব পৰা নাই একাংশ লোক। তাৰ ফলস্বৰূপে সময়ে সময়ে সংঘটিত হৈ আহিছে ভয়ংকৰ ঘটনা। মস্তিষ্কহীন একাংশ লোকৰ কাণ্ডত লজ্জিত হৈ আহিছে সমগ্ৰ মানৱ সমাজ। তেনে এক ঘটনাই এইবাৰ জোকাৰি গৈছে ৰাজ্য। ডাইনীৰ অপযশত হত্যা এগৰাকী মহিলাক।

মৃত্যু এতিয়া সহজ! সামান্য অজুহাততেই কিম্বা নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই একাংশই নিঃসংকোচে হত্যা কৰিব পাৰে কাৰোবাক। ৰাজ্য জোকাৰি যোৱা এটা ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে সেই কথা। ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনীকাণ্ড। ডিগবৈৰ ঔগুৰিত ডাইনীৰ অপবাদতেই একাংশ মানৱৰূপী দানৱে প্ৰাণ ল’লে এগৰাকী মহিলাৰ। ঔগুৰি গাঁৱৰ এগৰাকী বৃদ্ধাক ডাইনীৰ অপযশতেই হত্যা একাংশৰ। ১ নৱেম্বৰতেই সেই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল যদিও স্থানীয় লোকে ঘটনা গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিতেই ডিগবৈ আৰক্ষীয়ে তিনিগৰাকীকৈ মহিলাক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেললৈ।

স্বাভাৱিকতেই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি প্ৰকৃততে কোনখন অসমত জীয়াই আছো? নিজকে আধুনিক হৈছো বুলি জহাই ফুৰা মানুহবোৰ প্ৰকৃততে জানো আধুনিক হৈছে? এই ঘটনাই পুনৰ সৃষ্টি কৰিছে প্ৰশ্নবোধকৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“তোৰ খুৰা চোৰ”—সঞ্জয় গান্ধীক লৈ মন্তব্য কৰাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকা গান্ধীয়ে

১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ পৰাজয় আৰু জৰুৰীকালীন...

“মোদীজীৰ সৈতে আগবাঢ়ক”—প্ৰণৱ মুখাৰ্জীয়ে বিজেপিত যোগদানৰ পৰামৰ্শ দিছিল বুলি দাবী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে...