আজি বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু বাৰ্ষিকী। সুধাকণ্ঠৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰিছে অসমবাসীয়ে। গীতে-মাতে, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণৰ মাজেৰে পুনৰ এবাৰ সুঁৱৰা হৈছে সুধাকণ্ঠৰ অনবদ্য অৱদান।
এই উপলক্ষে গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতো বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আনহাতে, অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ‘মহামিলন তীৰ্থ’ শীৰ্ষক বিশেষ অনুষ্ঠান।
ইফালে, সুধাকণ্ঠৰ স্মৃতি দিৱস উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰীপাৰত সন্ধিয়া এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত ১০ হাজাৰ বন্তি প্ৰজ্বলনেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব আছুৱে।
আনহাতে, সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসম চৰকাৰৰ সন্মুখত ছটা বিশেষ দাবী উত্থাপন কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
সমুজ্জ্বল ভট্টাচাৰ্যই ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱাৰ লগতে শিল্পীগৰাকীৰ নামত এখন বিশেষ সাংস্কৃতিক ৰে’লৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। একেদৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু ৰে’ল টাৰ্মিনেল সুধাকণ্ঠৰ নামত নামকৰণ কৰাৰ দাবী উত্থাপন কৰিছে তেওঁ।
ইয়াৰ উপৰি ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত ভূপেন হাজৰিকাৰ নামত আসন সংৰক্ষণ, তেওঁৰ নামত এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ স্থাপন আৰু জালুকবাৰীৰ সমাধিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি তথা সম্প্ৰসাৰণৰ দাবী জনাইছে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।
সুধাকণ্ঠৰ কালজয়ী গীত, মানৱতাবাদী চিন্তা আৰু অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানক স্মৰণ কৰি আজি ৰাজ্যজুৰি পালন কৰা হৈছে তেওঁৰ মৃত্যু বাৰ্ষিকী। অসমৰ সাংস্কৃতিক জগতত চিৰস্মৰণীয় হৈ ৰ’ব বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৃষ্টি আৰু আদৰ্শ।
