অৰুণাচলৰ বাংলাদেশীৰ বোজা ল’ব লাগিব নেকি অসমে?

সঁচাকৈ অসমত সংস্থাপিত হ’ব নেকি বাংলাদেশৰ পৰা অহা চাকমা আৰু হাজং শৰণাৰ্থী?
অৰুণাচলৰ বাংলাদেশীৰ বোজা ল’ব লাগিব নেকি অসমে?
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অৰুণাচলৰ বাংলাদেশী শৰণাৰ্থীক সংস্থাপনৰ বাবে অসমৰ কেইবাটও স্থান নিৰ্বাচন কৰা হৈছে। ৩ বছৰ ধৰি এই সন্দৰ্ভত গোপনে চলি আছে আলোচনা। ৬টা দশক ধৰি অৰুণাচলতে থকা লাখ লাখ বাংলাদেশীৰ বোজা নলয় অৰুণাচলে। চাকমা–হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনা হৈ গ’ল। এয়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ কথা।
CAA অৰুণাচলৰ বাবে আশীৰ্বাদ
অসমৰ বাবে হ’ব অভিশাপ

কিৰেণ ৰিজিজুৰ মন্তব্যত সেই কথাই প্ৰমাণ হ’ল। এই খবৰ বিয়পি পৰাৰ লগে-লগে ক্ষোভত ফাটি পৰিছে বিভিন্ন দল-সংগঠন। সৰৱ সাংসদ অজিত কুমাৰ ভূঞা। অসম বিৰোধী, অসম চুক্তি বিৰোধী, সংবিধান বিৰোধি CAA আইন চৰকাৰে ভয়ানক কাম কৰিছে।
বিদেশীৰ বোজা লৈ লৈ ভাগৰি পৰিছে অসম
CAA অনাৰ পিছত অৰ্থহীন হৈ পৰিল
অসম চুক্তি
অসমৰ সমূহ জাতীয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিব লাগে বুলি কৈ অজিত ভূঞাৰ মন্তব্য
আমাৰ নেতা মেৰুদণ্ডহীন। কিন্তু চাকমা–হাজংসকল এতিয়া ক’ত কেনেকৈ আছে। সেই বিষয়ে সবিশেষ উদঘাটন কৰিবলৈ অৰুণাচলত উজনি অসমৰ ব্যুৰো চীফ প্ৰাঞ্জল প্ৰতীম ভূঞা। চাকমা হাজংসকলক ১৯৬৪চনতেই সংস্থাপন কৰা হৈছিল অৰুণাচলৰ চাংলাং জিলাত। সেই স্থানতেই উপস্থিত হৈছিলগৈ এন কে টিভিৰ সাংবাদিকৰ দল।
চাকমা–হাজংসকলৰ স্পষ্ট কথা
আমি অৰুণাচল এৰি নাযাওঁ
চৰকাৰে নিলে আমাৰ মৃতদেহ নিব লাগিব

কিৰেন ঋজিজু মন্তব্যক লৈ প্ৰতিক্ৰিয়া চাকমা হাজংসকলৰ। ৰিজিজুৰ মন্তব্যত ৰহস্য আছে। কিৰেণ ৰিজিজুৱে কোৱাৰ দৰে ৫ লাখ চাকমা হাজৰ অৰুণাচলত নাই। ইয়াৰ পাছত কি হব সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...