আজি ‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰৰ ওপজা দিন

৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ
আন্তঃৰাষ্ট্ৰীয় মেচত ৩৪,৩৫৭ ৰান
কেৰিয়াৰত ২০১টা উইকেট
২০১১ৰ বিশ্বকাপ ক্ৰিকেট জয়
শতৰানৰ শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ
ভাৰতৰত্ন লাভ কৰা প্ৰথমখন খেলুৱৈ

ছাৰ ডন ব্ৰেডমেনৰ পিছত তেওঁক সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে ৰেটিং দিয়া হয়। টেণ্ডুলকাৰৰ উত্থান আছিল নব্বৈৰ দশকত ভাৰতৰ সমৃদ্ধিৰ যেন পৰিপূৰক। এই দশকটোত শচীনে যিদৰে ভাৰতীয়ৰ মনত সাঁচ বহুৱাইছিল, আন কোনো খেলুৱৈয়ে সেই স্থান দখল কৰিব পৰা নাছিল। প্ৰায় ডেৰ দশক ধৰি নিজৰ কেৰিয়াৰত অভিলেখৰ উপৰি অভিলেখ সৃষ্টি কৰিছিল, নতুন মাইলৰ খুঁটি স্থাপন কৰিছিল আৰু সাফল্যৰ অভূতপূৰ্ব শিখৰ চুমিছিল।

এদিনীয়া, টেষ্ট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ তেণ্ডুলকাৰৰ নামত। এদিনীয়াত শচীন টেণ্ডুলকাৰৰ সৰ্বমুঠ ১৮,৪২৬ ৰান। শচীনৰ পিছতে আছে কুমাৰ সাংগাকাৰা আৰু বিৰাট কোহলিৰ স্থান। সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টেণ্ডুলকাৰে ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত শচীনৰ পিছতে আছে কুমাৰ সাংগাকাৰা, ৰিকি পণ্টিং, বিৰাট কোহলি আৰু মহেলা জয়ৱৰ্ধনেৰ নাম।

সামগ্ৰিকভাৱে টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতৰানৰ শতক অৰ্জন কৰিছে। টেণ্ডুলকাৰৰ পিছতে আছে বিৰাট কোহলি। কোহলিৰ পিছতে আছে ৰিকি পণ্টিং, কুমাৰ ছাংগাকাৰা আৰু জেক কালিছ। ১৯৯৬ চনৰ পৰা ১৯৯৯ চনৰ মাজৰ ৪ বছৰত শচীনৰ কেৰিয়াৰ আছিল অনবদ্য। ভাৰতীয় ক্ৰিকেটত নতুন মাত্ৰা প্ৰদান কৰা শচীনক লৈ কত যে অভিধা মাষ্টাৰ ব্লাষ্টাৰ, ক্ৰিকেটৰ ভগৱান ইত্যাদি ইত্যাদি। ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ কোনো এজন খেলুৱৈক ভাৰত চৰকাৰে প্ৰদান কৰিছিল সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন। ১৯৭৩ চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছিল মহান ক্ৰিকেটাৰজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...