নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য

ৰণলৈ ওলাল মুখ্যমন্ত্ৰী
হেদায়েৎপুৰৰ কংগ্ৰেছ ভৱন হ’ব গোপীনাথ বৰদলৈ যাদুঘৰ
২০৩২ত সম্পূৰ্ণ উছন হ’ব কংগ্ৰেছ

নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। মৰিগাঁও তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪ৰ তৃতীয় দিনৰ কাৰ্যসূচী মুকলি সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ তীৰ্যক মন্তব্য।

কংগ্ৰেছৰ ৰাজীৱ ভৱন বিজেপিৰ মৰ্চাৰ এটা কাৰ্যালয় হ’ব’
‘ৰকিবুল হুছেইন দিল্লী গ’লে কাজিৰঙা গড় কেইটাই শান্তি পাব’
‘কাজিৰঙাৰ পৰা আৰক্ষী প্ৰত্যাহাৰ কৰিব পৰা হ’ব


‘বদৰুদ্দিন দিল্লীলৈ গ’লে মুছলমান ছোৱালীসকলে কম বয়সতে বিয়া নাপাতিলেও হ’ব’

‘ভূপেন বৰা বিজেপিত আহিলেহে CM হ’ব পাৰিব’

মুঠতে বিৰোধীক উদ্দেশ্যি এটাৰ পিছত আনটো তীৰ্যক মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰকিবুলক কটাক্ষ কৰি গৰু বিহুৰ দিনা বোকাত নমাৰো আহ্বান। লোকসভা নিৰ্বাচনত অসমৰ ১৩ খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। ২৬ৰ পাছত হিন্দু বসতি প্ৰধান অঞ্চলত কংগ্ৰেছ নাথাকে, ৩২ চনৰ পাছত ক’তোতে কংগ্ৰেছ নাথাকে বুলি ক’লে মুখ্যমন্ত্ৰীয়ে।

তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে তিৱা বীৰসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তিয়া সংস্কৃতিক প্ৰশংসা কৰে। বিলুপ্তপ্ৰায় তিৱা ভাষা নতুন শিক্ষা নীতিয়ে ৰক্ষা কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। তিৱা সাংস্কৃতিক মহোৎসৱ উদযাপনৰ বাবে উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। সাংস্কৃতিক অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰিকো গান গাবলৈ ক’লে মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...