মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা

0 88

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা। শোকাৱহ নাও দুৰ্ঘটনাত এটি কণমানিসহ ৩ জনৰ কৰুণ মৃত্যু। বাংলাদেশত উদ্ধাৰ হৈছে দুজন নাওযাত্ৰীৰ মৃতদেহ। উদ্ধাৰ হ’ল ইছমাইল হুছেইন নামৰ এটি ৮ ‍বছৰীয়া কণমানি। ৬৫ বছৰীয়া কোবাদ হুছেইনৰ মৃতদেহ উদ্ধাৰ বাংলাদেশত। হঠাৎ অহা ধুমুহাৰ ফলত সংঘটিত হয় এই নাও দুৰ্ঘটনা। হাটশিঙিমাৰীৰ পৰা খাগৰাৰ চৰ অভিমুখে গৈ আছিল ভূটভূটি নাওখন। নাওখনত ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা ছাদ্দাম হুছেইনৰো মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰীক উদ্ধাৰত ব্যস্ত SDRF বাহিনী।

Leave A Reply

Your email address will not be published.