এনেকৈও মৃত্যু হয়নে সন্তানৰ?

চৰণেহে জানে মৰণৰ ঠাই
এনেকৈও মৃত্যু হয়নে সন্তানৰ?
হিয়া ঢাকুৰি কান্দিছে এটা পৰিয়ালৰ সকলো লোকে

পৰিয়ালটো ডাঙৰ। কেইবাজনো ভাতৃ তেওঁলোকৰ পৰিয়ালসহ একেলগে একেটা চৌহদতে থাকে। শুকুৰবাৰে এখন স্কুটী কিনিছিল পৰিয়ালটোৱে। শনিবাৰে স্কুটীখনেই কাল হ’ল পৰিয়ালৰ ৩ সন্তানৰ। বৰপেটাৰোডৰ বালাভিটাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছেদেলি ভেদেলি হৈ পৰি ৰৈছে ৩ টাকৈ মৃতদেহ। ঘটনাৰ দৃশ্য চাবলৈ ৰাজপথত মানুহৰ ভিৰ। কিন্তু স্বচক্ষে ভয়ংকৰ দুৰ্ঘটনাৰ শোকাবহ দৃশ্য দেখি উচপ খাই উঠিল স্থানীয় ৰাইজ। শুকুৰবাৰে ক্ৰয় কৰা স্কুটীখন লৈ পেহীয়েকৰ ঘৰলৈ ওলাই আহিছিল ১৬ বছৰীয়া ছাহজাহান আলী, ১৫ বছৰীয়া জেছমিনা আহমেদ, ১২ বছৰীয়া আছমা খাতুন আৰু ৫ ‍বছৰীয়া জান্নাত খাতুন। সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে খুন্দিয়াই থৈ যায় স্কুটীখন। থিতাতে নিহত হয় ছাহজাহান, জেছমিনা আৰু আছমা। সংকটজনক অৱস্থাত চিকিৎসাধীন ৫ বছৰীয়া জান্নাত।

নীলা ৰঙৰ এই দুচকীয়া বাহনখনেই শুকুৰবাৰে ক্ৰয় কৰিছিল পৰিয়ালটোৱে। এইখনকে লৈ শনিবাৰে ওলাই আহিছিল পৰিয়ালৰ ৪ সন্তান। পৰিয়ালৰ কোনেনো জানিছিল কালি কিনা দুচকীয়া বাহনখথনেই কাল হ’ব তেওঁলোকৰ সন্তানৰ বাবে। দু্ৰ্ঘটনাৰ বাবে দীৰ্ঘ সময় ধৰি ব্যাহত হৈ থাকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ পলায়ন কৰে ট্ৰাকচালকে। দুৰ্ঘটনাৰ কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতেদহকেইটা চমজাই দিয়া হয় পৰিয়ালক।
বিয়লিলৈ বিজনীত জব্দ হয় দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। বৰপেটাৰোড আৰক্ষীয়েই জব্দ কৰে ট্ৰাকখন। পবিত্ৰ ৰমজানৰ মাজতে তিনিটাকৈ কিশোৰ-কিশোৰীৰ এই আকস্মিক মৃত্যুৱে শোঁকৰ ছাঁ পেলায় বৰপেটাৰোডৰ সাতভনী টুপ গাঁৱত। আজি সন্ধিয়াই সম্পন্ন হ’ব কিশোৰ কিশোৰী কেইটাৰ জানাজা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...