দুগ্ধজাত সামগ্ৰী,পশুধনৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰে। গাখীৰৰ উৎপাদন বৃদ্ধিৰ লগতে বাহিৰৰ পৰা গাহৰি আৰু কুকুৰাৰ আমদানি বন্ধ কৰিব পৰাকৈ গাহৰি আৰু কুকুৰা উৎপাদনত আত্মনিৰ্ভৰশীলতা অর্জনৰ বাবে অহা ৭ জুলাইৰ ভিতৰত তিনিটা নতুন আঁচনিৰ প্ৰস্তাৱ দিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগটোক নির্দেশ দিয়ে। বেংকৰ ঋণ আৰু পুঁজিৰ সুবিধা তথা উদগনি প্ৰদানৰ জৰিয়তে দুগ্ধ আৰু পশুপালন খণ্ডত আত্মনিয়ােগ কৰাৰ বাবে যুৱক-যুৱতীসকলক আকর্ষিত কৰিব পৰাকৈ প্রয়ােজনীয় ৰােডমেপ প্রস্তুত কৰিবলৈও তেওঁ বিভাগক নির্দেশ দিয়ে।

নিয়ােগৰ সুবিধা সৃষ্টি, অর্থনৈতিক প্রগতি বৃদ্ধিৰ বাবে পশুধন খণ্ডক উজ্জীৱিত কৰি তুলিবলৈ বিভাগটোৱে যথাসম্ভৱ সােনকালে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ প্ৰয়ােজনীয়তাৰ ওপৰত মুখ্যমন্ত্রী ড° শৰ্মাই গুৰুত্ব আৰােপ কৰে। তেওঁ কয় যে, গাহৰি পালন খণ্ডত নিয়ােগ সৃষ্টিৰ যথেষ্ট সম্ভাৱনা আছে আৰু পশু চিকিৎসা বিভাগে বাহিৰৰ পৰা উচ্চ উৎপাদনশীল প্রজাতিৰ গাহৰি অনা আৰু অসংগঠিত খণ্ডত গাহৰি খেতিয়কসকলৰ মাজত বিতৰণ কৰাৰ উপায় অন্বেষণ কৰিব লাগিব। অন্যান্য উচ্চ উৎপাদনশীল প্রজাতিৰ গৰুৰ সৈতে স্থানীয় গাইগৰুৰ ক্ৰছ প্রজননৰ জৰিয়তে ৰাজ্যখনত গাখীৰতী গৰুৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ ল’বলৈ বিভাগটোক নির্দেশ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমবায় আহিত দুগ্ধ পালন খণ্ডত জড়িত হােৱাৰ বাবে যুৱক-যুৱতীসকলক উৎসাহিত কৰিবলৈ তেওঁলােকক পুঁজি আৰু কাৰিকৰী সা-সুবিধা প্রদান কৰিব লাগিব। ৰাজ্যখনৰ সকলাে প্রান্ততে গােপাল মিত্র সকলৰ জৰিয়তে গাে-ধনৰ কৃত্রিম প্রজননৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ ল’বলৈও তেওঁ বিভাগটোক নির্দেশ দিয়ে।

ৰাজ্যখনৰ পশুধন আৰু দুগ্ধ খণ্ডত সংস্কাৰমূলক পৰিৱৰ্তন অনাৰ প্ৰয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যখনত নিয়ােগ সৃষ্টি আৰু অর্থনীতিক সমৃদ্ধ কৰাৰ দিশত এই খণ্ডটোৰ যথেষ্ট সম্ভাৱনীয়তা আছে। ৰাজ্যখনলৈ গাহৰি, কুকুৰা আৰু কণীৰ আমদানি হ্রাস কৰাৰ প্রয়ােজনীয়তাৰ লগতে অতি সােনকালে এইবােৰৰ উৎপাদন বৃদ্ধিৰ বাবে কৌশলগতভাৱে কাম কৰাৰ ওপৰতাে তেওঁ গুৰুত্ব আৰােপ কৰে। আজিৰ বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰা, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনােজ শইকীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...