‘নিকা’ চৰকাৰত পুনৰ দুৰ্নীতিৰ চেকা! পৰিবহন নিগমত ব্যাপক অনিয়ম

গুৱাহাটী, ১৫ জুন, NKTV: দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দুৰ্নীতিৰ পিছত এইবাৰ পৰিবহন বিভাগত অনিয়ম। অনীতিয়েই যেন এতিয়া নীতি ASTCত। পেট্ৰল পাম্প আৱন্তন আৰু পদোন্নতিৰ নামত অনিয়ম অসম ৰাজ্যিক পৰিবহন নিগমত। তথ্য অনুসৰি যোৱা ২১ মে’ত অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক পৰিবহন নিগমৰ বৰ্ড মিটিং। এই বৈঠকতে ASTCৰ ৰাজ্যিক আৰু মহকুমা পৰ্যায়ত থকা ভূমিত হিন্দুস্তান পেট্ৰ’কেমিকেল কৰ্পোৰেচন লিমিটেডৰ ১৮টাকৈ তেল ডিপো একাংশ লোকক দিয়াৰ বাবে লোৱা হৈছে সিদ্ধান্ত।

দৰাচলতে Engagement of labour operation for running new petrol pumpsৰ ভিত্তিত এই ১৮ টা ডিপো আৱন্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ASTCয়ে। পিছে ASTCৰ নিয়ম অনুসৰি নিবিদা আহ্বান নকৰাকৈ গ্ৰহণ কৰা এই সিদ্ধান্ত সম্পূৰ্ণ অবৈধ। তথ্য অনুসৰি কোনোধৰণৰ নিবিদাৰ আহ্বান নকৰাকৈয়ে দীপিকা দাসৰ নামত ধিংত এটা, হিমাদ্রি দাসৰ নামত হাইলাকান্দি আৰু বদৰপুৰত দুটা, অঞ্জন কুমাৰ জৈনৰ নামত ধুবুৰী, চাপৰ আৰু বিলাসীপাৰাত তিনিটা, মৃদুল কুমাৰ কলিতাৰ নামত লেঙেৰীপাৰা, শিলঘাট আৰু উলুবাৰীত তিনিটা, অৰুণ ভাগৎৰ নামত বিজনী আৰু গোৱালপাৰাত দুটা, বিনীতা জৈনৰ নামত ডিমাৰুগুৰি আৰু ধূপধৰাত দুটা, তপন দাসৰ নামত বঙাইগাঁও আৰু অভয়াপূৰত দুটা, ৰাস্না জৈনৰ নামত দুমুনিচকী আৰু বালিপাৰাত দুটা, ৰাজেশ কুমাৰ কংকাৰীয়াৰ নামত তেজপুৰত এটা ললিত কুমাৰ বাৰ্মাৰ নামত কৰিমগঞ্জত এটাকৈ তেল ডিপো আৱন্তন দিয়াৰ বাবে ASTC য়ে প্ৰায় সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। আৰু এই অনিয়ম সংঘটিত হৈছে ASTCৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে অসম এৰি যোৱাৰ ঠিক প্ৰাকক্ষনত।

কেৱল এইয়াই নহয়, তিৱাৰীয়ে অসম এৰি যোৱাৰ পূৰ্বে পদোন্নতিৰ নামতো সংঘটিত কৰিছে এক বৃহৎ কেলেংকাৰী। ২০২৩ চনত হ’বলগীয়া পদোন্নতিৰ অৰ্ডাৰ কঁপি দুবছৰ পূৰ্বেই উলিযায় থৈ গ’ল তিৱাৰীয়ে। প্ৰায় আঢ়ৈ বছৰ পূৰ্বে UDA হিচাপে নিযুক্তি প্ৰাপ্ত অংগনা বৰুৱা নামৰ কৰ্মচাৰী গৰাকীক বিভাগীয় নীতি নিয়মক জ্বলাঞ্জলি দি ২০২৩ৰ এক ফেব্ৰুৱাৰীৰ পৰা পদোন্নতি দিয়া হ’ল অধীক্ষক পদত। লগতে বৰ্তমান ASTCৰ MDৰ সচিব হোৱাৰ বাবেই কৰ্মচাৰী গৰাকীৰ দৰমহাৰ ক্ষেত্ৰত দৈনিক ভিত্তিত ৩৭০ টকাকৈ বৃদ্ধিৰ অনুমোদন জনায় ২১ মে’ৰ বৰ্ড মিটিঙে। পিছে এই বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিব নোখোজে ASTCৰ চেয়াৰমেন অশোক কুমাৰ ভট্টৰায়ে।

কেৱল ইমানেই নহয়। বিভাগৰ আন এগৰাকী কৰ্মচাৰী ৰঞ্জীত কুমাৰ লাহনক অকৰ্তৃত্বশিল ভাবে দায়িত্ব অৰ্পণ কৰাৰ লগতে মহানগৰীৰ এক বিশেষ স্থানত থকা ASTCৰ এবিঘা মাটি অসম INDOOR গেমছ এছোচিয়েচন নামৰ এক সংস্থাক আৱন্তন দিয়াৰ সিদ্ধান্তও নিয়ম বহিৰ্ভূত ভাবে গ্ৰহণ কৰা হৈছে এই বৈঠকতে। পিছে এই সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ ভূমিকা কি হ’ব? মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি চৰ্চা চলা ASTCৰ চেয়াৰমেন অশোক ভট্টৰায়ৰ অধ্যক্ষতাত থকা ব’ৰ্ডৰ এই সিদ্ধান্তবোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিব নে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...