গুজৰাটৰ শক্তিখণ্ডৰ আৰ্হিত অসমত বিদ্যুৎ যোগান

0 5

গুৱাহাটী, ১৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শক্তিখণ্ডৰ অধীনত থকা এপিডিচিএল, এপিজিচিএল আৰু এইজিচিএলৰ ৰাজহ বৃদ্ধি, বৃত্তিগতভাৱে অধিক সক্ষম আৰু কার্যক্ষমতা বৃদ্ধিৰ বাবে গুজৰাটৰ শক্তি মন্ত্রী সৌৰভ ভাই পেটেলৰ লগতে গুজৰাট ঊর্জা বিকাশ নিগম লিমিটেডৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত মিলিত হয়। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হােৱা এই বৈঠকত শক্তি মন্ত্রী বিমল বৰা, মুখ্য সচিব তথা শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মা, এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰৰ লগতে গুজৰাট উর্জা বিকাশ নিগম লিমিটেডৰ পৰিচালন সঞ্চালককে ধৰি গুজৰাট চৰকাৰৰ শক্তি বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰে।

বৈঠকত গুজৰাটৰ শক্তি বিভাগৰ মন্ত্রী সৌৰভ ভাই পেটেলে প্রধানমন্ত্রী নৰেন্দ্র মােদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালৰে পৰা এতিয়ালৈকে ৰাজ্যখনৰ শক্তিখণ্ডত লােৱা সুদূৰপ্ৰসাৰী সিদ্ধান্ত তথা প্রযুক্তিগত দিশসমূহৰ বিস্তৃত বিৱৰণ দাঙি ধৰি বক্তব্য আগবঢ়ায়। তেওঁ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁলােকে গ্রহণ কৰা পদক্ষেপসমূহৰ চাক্ষুস অভিজ্ঞতা আহৰণৰ অৰ্থে অসমৰ এক উচ্চস্তৰীয় প্রতিনিধি দল গুজৰাটলৈ প্ৰেৰণৰ বাবে আহ্বান জনায়। বৈঠকত গুজৰাট ঊর্জা বিকাশ নিগম লিমিটেডে তেওঁলােকৰ ফলপ্রসু কর্ম ব্যৱস্থাৰ সকলাে দিশ সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়ায়। ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই ভাচুৱেল বৈঠকত শক্তি বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰাৰম্ভিক মন্তব্য প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ শক্তি বিভাগৰ অধীনৰ তিনিওটা কোম্পানীক লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে গুজৰাটৰ শক্তি বিভাগৰ সৈতে যি মত-বিনিময়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্রহণ কৰিলে সেই পদক্ষেপে কোম্পানীকেইটাক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য আগবঢ়োৱাৰ লগতে এই উদ্যোগৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ শক্তি বিভাগৰ অধীনৰ কোম্পানীকেইটাই প্রচেষ্টা অব্যাহত ৰখা সত্ত্বেও এতিয়ালৈকে লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰ হ’বলৈ সক্ষম হােৱা নাই। সেয়েহে, শক্তিখণ্ডত ভাৰতৰ ভিতৰত অগ্রণী গুজৰাটৰ ১০০ শতাংশ মিটাৰিং, ১০০ শতাংশ বিলিং ইত্যাদি উত্তম ব্যৱস্থাৰাজিৰ অভিজ্ঞতাৰে পুষ্ট হৈ এই কোম্পানীকেইটাক লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টা চলােৱা হৈছে। গুজৰাটে এই দিশত প্রযুক্তিগত কৌশলকে ধৰি বিভিন্ন দিশত যি কর্মদক্ষতা প্রদর্শন কৰিছে সেই দিশসমূহ পৰিদৰ্শন কৰাৰ বাবে শক্তি মন্ত্রী বিমল বৰাৰ নেতৃত্বত অসমৰ এটা দলে গুজৰাট পৰিদর্শন কৰিব বুলিও তেওঁ কয়। এই বিষয়ে গুজৰাটৰ শক্তি মন্ত্ৰীৰ সৈতে তেওঁ সঘনে যােগাযােগ অব্যাহত ৰাখিব বুলি কয়। গুজৰাট চৰকাৰৰ শক্তি বিভাগে ৰাজ্য চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আজি অনুষ্ঠিত কৰা ভিডিঅ’ কনফাৰেন্সিঙৰ বাবে গুজৰাটৰ শক্তি মন্ত্রীগৰাকীক তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.