গুৱাহাটীত দুখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব ১৭ সংখ্যক আই পি এল৷ লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বি চি চি আয়ে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পাৰম্ভিক সূচীহে ঘোষণা কৰিছে৷ অহা সপ্তাহত লীগৰ পৰবৰ্তী মেচৰ সূচী প্ৰকাশ কৰা হ’ব৷

ইফালে, ব’ৰ্ডৰ সচিব জয় শ্বাহে ১৭ সংখ্যক আই পি এলৰ সকলো মেচ ভাৰততে হ’ব বুলি ব্যক্ত কৰিছে৷ আনহাতে, আজি ৰঞ্জিত বৰঠাকুৰেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখনকৈ মেচ খেলাৰ বিষয়ে নিশ্চিত কৰিছে৷ সূচী প্ৰকাশ নকৰিলেও গুৱাহাটীৰ দূয়োখন মেচে মে’ত অনুষ্ঠিত হোৱাৰ বিষয়ে বৰঠাকুৰে ব্যক্ত কৰে৷ উল্লেখ্য যে পূৰ্বেতে অহা পাঁচ আৰু ১৬ মে’ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত মেচ দুখন খেলাৰ কথা আছিল৷ কিন্তু গুৱাহাটী লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন অহা সাত মে’ত হোৱাত এতিয়া মে’ৰ তৃতীয়-চতুৰ্থ সপ্তাহত মেচ দুখন হ’ব৷

‘নিৰ্বাচনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী উৎকণ্ঠাত আছে এইবাৰ গুৱাহাটীত আই পি এলৰ মেচ হ’ব নে নাই৷ ৰাজস্থান ৰয়েলছ অসমৰ মৰমৰ দল৷ আমি অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীক আই পি এল মেচৰ ৰোমাঞ্চৰ পৰা কোনো কাৰণতে বঞ্চিত নকৰো৷ যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছে দুখন মেচ এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব৷’ বৰঠাকুৰে ব্যক্ত কৰে৷

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাতোকৈ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল৷ যিগৰাকী অসমীয়াৰ বাবে এই গৌৰৱ অসমে লাভ কৰিছিল তেৱে হ’ল আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্ত্বাধিকাৰী অসম জননীৰ সুদক্ষ সন্তান ৰঞ্জিত বৰঠাকুৰ৷

‘আমি ধন ঘটিবলৈ অসমত আই পি এলৰ মেচ আয়োজন নকৰো৷ যোৱা বছৰ দুখন মেচ আয়োজনৰ বাবে খৰছ যিমানখিনি হৈছিল তাতকৈ কম ধন লাভ কৰিছো৷ তথাপি অসমীয়া হিচাপে মই প্ৰতিবছৰে গুৱাহাটীত খেল অয়োজন কৰাৰ সিদ্ধান্ত লৈছো৷ আই পি এল দুখন দেশৰ খেল নহয়৷ গুৱাহাটীত তিনিটা দলে খেলিব৷ প্ৰতিটো দলতে বিশ্ব ক্ৰিকেটৰ তাৰকাসকল আছে৷ সমগ্ৰ বিশ্বই গুৱাহাটীৰ আই পি এল উপভোগ কৰিব৷ অৰ্থাৎ অসম আৰু গুৱাহাটীৰ নামটো পৰিধি নথকাকৈ বিশ্বত উচ্ছাৰণ হ’ব৷ এয়া আমাৰ বাবে ইতিবাচক দিশ৷ পৰৱৰ্তী সময়ত ইয়াৰ সুপ্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব৷’ বৰঠাকুৰে লগতে কয়৷ উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছে অহা ২৪ মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...