METAৰ নতুন নীতি: ৰাজনৈতিক বিষয়বস্তু পোষ্ট কৰিলে Recommend নকৰে তেনে পেজ, একাউন্ট

পূৰ্বে ফেচবুক নামেৰে পৰিচিত Metaই ইনষ্টাগ্ৰাম আৰু Threadsৰ ৰাজনৈতিক বিষয়বস্তুৰ সন্দৰ্ভত এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। মেটাৰ অন্তৰ্ভুক্ত এই প্লেটফৰ্মসমূহত ৰাজনৈতিক পোষ্টৰ প্ৰাধান্য হ্ৰাস কৰাৰ লক্ষ্য লোৱাৰ সময়তে কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

(Less political content, more user choice)

ইনষ্টাগ্ৰামৰ মুৰব্বী এডাম মছেৰীয়ে কয় যে, Metaই পূৰ্বৰ দৰে সক্ৰিয়ভাৱে ব্যৱহাৰকাৰীসকলৰ মাজত ৰাজনৈতিক বিষয়বস্তু প্ৰচাৰ নকৰে। অৰ্থাৎ ব্যৱহাৰকাৰীয়ে এতিয়াও তেওঁলোকে অনুসৰণ কৰা একাউণ্টৰ পৰা ৰাজনৈতিক পোষ্টসমূহ চাব পাৰিব যদিও এপসমূহে এনে বিষয়বস্তুসমূহ নিজেই Recommend নকৰে। যাৰ বাবে তেনেধৰণৰ ৰাজনৈতিক পোষ্টসমূহ আপলোড কৰা পেজ বা একাউন্টসমূহে সীমিত সংখ্যক দৰ্শকহে লাভ কৰিব।

এই পৰিৱৰ্তন যোৱা সপ্তাহৰ পৰা ক্ৰমান্বয়ে কাৰ্যকৰী কৰা হৈছে। ই মেটাৰ Algorithmয়ে কন্টেন্টৰ পৰামৰ্শ দিয়া দিশসমূহক প্ৰভাৱিত কৰিব, যেনে- Live, Video uploading, Reels ইত্যাদি।

বৰ্তমান এই বৈশিষ্ট্য ইনষ্টাগ্ৰাম আৰু থ্ৰেডছত প্ৰৱৰ্তন কৰা হৈছে যদিও মেটাই ফেচবুকৰ কিছু কিছু অংশত ইয়াক ক্ৰমান্বয়ে প্ৰৱৰ্তন কৰি গৈছে।

ইনষ্টাগ্ৰামত পেছাদাৰী একাউণ্টসমূহে অতিৰিক্ত বৈশিষ্ট্যৰ সুবিধা লাভ কৰিব। তেওঁলোকে Account Status tool ব্যৱহাৰ কৰি তেওঁলোকৰ শেহতীয়া ৰাজনৈতিক বিষয়বস্তুৰ ভিত্তিত পৰামৰ্শ দিয়াৰ যোগ্য হয় নে নহয় পৰীক্ষা কৰিব পাৰে। এই সঁজুলিটোৱে তেওঁলোকক ৰাজনৈতিক পোষ্ট সম্পাদনা বা আঁতৰাবলৈ, মেটাৰ সিদ্ধান্তৰ সৈতে মতানৈক্য থাকিলে পৰ্যালোচনাৰ অনুৰোধ কৰিবলৈ, বা পৰামৰ্শৰ বাবে পুনৰ যোগ্যতা লাভ কৰিবলৈ ৰাজনৈতিক বিষয়বস্তু পোষ্ট কৰাৰ পৰা বিৰতি ল’বলৈ অনুমতি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অক্সফৰ্ডৰ মিউজিয়ামৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হ’ল নগা জনগোষ্ঠীৰ ৩৯জন লোকৰ লাওখোলা

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ নগা জনগোষ্ঠীৰ পৰা সংগ্ৰহ...

২০০৪ চনত কিয় প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰিলে ছোনিয়া গান্ধীয়ে? মনমোহন সিঙক বাছনি কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ আত্মজীৱনীত

২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰজোঁটে বিজয়...