টাইগাৰ শ্ৰফে নতুনকৈ ক্ৰয় কৰা ঘৰটোৰ মূল্য জানিলে আচৰিত হ’ব আপুনি!

দিনে-দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে অভিনেতা টাইগাৰ শ্ৰফৰ
ইখনৰ পিছত আনখন ছবিত অভিনয়েৰে বুটলিছে দৰ্শকৰ মৰম
প্ৰায় ২৪৮ কোটি সম্পত্তিৰ মালিক টাইগাৰ
অকলশৰে কটায় বিলাস-বহুল জীৱন

সাধাৰণতে চৰ্চালৈ নাহে জেকিপুত্ৰ। নিজা ধৰণে থাকি ভালপায় টাইগাৰ শ্ৰফে। মুম্বাইৰ এটা 8 BHK বিলাসী ফ্লেটত থাকে টাইগাৰ। শেহতীয়াকৈ আন এটা বিলাসী ঘৰ ক্ৰয় কৰিছে পুনেত।

টাইগাৰে নতুনকৈ ক্ৰয় কৰা ঘৰটোৰ মূল্য ৭.৫০ কোটি টকা

টাইগাৰৰ মুম্বাইস্থিত ফ্লেটত উপলব্ধ সকলোধৰণৰ বিলাসী সুবিধা। ৰুষ্টমজী পেৰামাউণ্টত অৱস্থিত ফ্লেটটোৰ মূল্য ৩৫ কোটি টকা। ইতিমধ্যে বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে টাইগাৰ শ্ৰফে। Heropanti, Baaghi, War, Student Of The Year আদি ছবিসমূহত অভিনয়েৰে অগণন দৰ্শকৰ হৃদয় জিনিছে টাইগাৰ শ্ৰফে। মাৰ্জিত ব্যৱহাৰৰ বাবেও বহুতৰে প্ৰিয় জেকিপুত্ৰ টাইগাৰ।

বলীউডৰ আগন্তুক ছবি ‘বড়ে মিঞা ছোটে মিঞা’ত দেখা যাব টাইগাৰক

সম্প্ৰতি ছবিখনৰ শ্বুটিঙত ব্যস্ত অভিনেতাজন। ‘বড়ে মিঞা ছোটে মিঞা’ত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ সৈতে দেখা যাব টাইগাৰক।

ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব সোনাক্ষী সিনহা,মানুষী চিল্লাৰ আৰু পৃথ্বীৰাজ সুকুমাৰণক। আগন্তুক এপ্ৰিলৰ ১০ তাৰিখে মুক্তি পোৱাৰ সম্ভাৱনা ‘বড়ে মিঞা ছোটে মিঞা’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...