প্ৰেমৰ অভিনয়েৰে বিহাৰৰ যুৱকক মাতি আনি অপহৰণ

দক্ষিন শালমাৰাৰ ফুল কাটাৰীত আৰক্ষীৰ জালত হানিট্ৰেপিং চক্ৰ। প্ৰেমৰ অভিনয়েৰে বিহাৰৰ যুৱকক মাতি আনি অপহৰণ কৰিছিল হানিট্ৰেপিং চক্ৰটোৱে। তাৰ পাছতে অপহৃতৰ পৰিয়ালক মুক্তিপণ দাবী কৰিলে ২ লাখ টকা। অৱশেষত নিশা দক্ষিণ শালমাৰা আৰক্ষীৰ জালত পৰিল ৩ অপহৰণকাৰী। অপহৰণৰ বলি বিহাৰৰ অভিনন্দন কুমাৰকো উদ্ধাৰ কৰে আৰক্ষীয়ে। ফেচবুকত এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল অভিনন্দনৰ। যুৱতীগৰাকীয়ে শিলিগুৰিলৈ মাতি আনে বিহাৰৰ মতিহাৰি জিলাৰ যুৱকজনক। তাৰ পিছত ধুবুৰীলৈ অনা হয় অভিনন্দন কুমাৰক। প্ৰেমৰ অভিনয়েৰে যুৱকক জালত পেলোৱা যুৱতীৰ সৈতে আছিল ৩ যুৱকো। ধুবুৰীলৈ আনি প্ৰথমে যুৱকজনৰ পৰা ২০ হাজাৰ টকা বিচাৰে গেংটোৱে। ধন দিবলৈ অমান্তি হোৱাত এঘৰত আবদ্ধ কৰি ৰখা হয় যুৱকজনক। তাৰ পিছতে যুৱকজনৰে ফোনেৰে পৰিয়ালক ২ লাখ টকা দাবী গেংটোৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰে যোগাযোগ বিহাৰ আৰক্ষীৰ। নিশা বন্দিহানা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ অপহৰণকাৰী। আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে অভিনন্দন কুমাৰকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...