প্ৰেমৰ অভিনয়েৰে বিহাৰৰ যুৱকক মাতি আনি অপহৰণ

দক্ষিন শালমাৰাৰ ফুল কাটাৰীত আৰক্ষীৰ জালত হানিট্ৰেপিং চক্ৰ। প্ৰেমৰ অভিনয়েৰে বিহাৰৰ যুৱকক মাতি আনি অপহৰণ কৰিছিল হানিট্ৰেপিং চক্ৰটোৱে। তাৰ পাছতে অপহৃতৰ পৰিয়ালক মুক্তিপণ দাবী কৰিলে ২ লাখ টকা। অৱশেষত নিশা দক্ষিণ শালমাৰা আৰক্ষীৰ জালত পৰিল ৩ অপহৰণকাৰী। অপহৰণৰ বলি বিহাৰৰ অভিনন্দন কুমাৰকো উদ্ধাৰ কৰে আৰক্ষীয়ে। ফেচবুকত এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল অভিনন্দনৰ। যুৱতীগৰাকীয়ে শিলিগুৰিলৈ মাতি আনে বিহাৰৰ মতিহাৰি জিলাৰ যুৱকজনক। তাৰ পিছত ধুবুৰীলৈ অনা হয় অভিনন্দন কুমাৰক। প্ৰেমৰ অভিনয়েৰে যুৱকক জালত পেলোৱা যুৱতীৰ সৈতে আছিল ৩ যুৱকো। ধুবুৰীলৈ আনি প্ৰথমে যুৱকজনৰ পৰা ২০ হাজাৰ টকা বিচাৰে গেংটোৱে। ধন দিবলৈ অমান্তি হোৱাত এঘৰত আবদ্ধ কৰি ৰখা হয় যুৱকজনক। তাৰ পিছতে যুৱকজনৰে ফোনেৰে পৰিয়ালক ২ লাখ টকা দাবী গেংটোৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰে যোগাযোগ বিহাৰ আৰক্ষীৰ। নিশা বন্দিহানা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ অপহৰণকাৰী। আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে অভিনন্দন কুমাৰকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...