বিকাশ যাত্ৰাৰ অংশস্বৰূপে শোণিতপুৰত কেইবাটাও প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি চলি থকা বিকাশ যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাত কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে। মন্ত্ৰীগৰাকীয়ে কেইবাখনো চাহ বাগিচাত জগন্নাথ সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই বাগিচাসমূহ হৈছে চপাই চাহ বাগিচা, হুগ্ৰাজুলি চাহ বাগিচা, আকাবিল চাহ বাগিছা, খনাবাৰী চাহ বাগিছা, হীৰাজুলি চাহ বাগিছা, মনমোহিনী চাহ বাগিচা, শ্যামগুৰি চাহ বাগিচা, ধিৰাই চাহ বাগিচা, বৰছলা চাহ বাগিচা আৰু নাৰায়ণপুৰ চাহ বাগিচা। চাহ বাগিচাৰ ৰাইজৰ সমূহীয়া প্ৰয়োজন পূৰোৱাৰ লগতে এই প্ৰকল্পসমূহে বাগিচা অঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে মন্ত্ৰী সিংহলে আজি হুগ্ৰাজুলি চাহ বাগিচা আদৰ্শ বিদ্যালয়, ৰাক্ষসমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাণী নিকেতন হাইস্কুলৰ আন্তঃগাঁথনি উন্নয়ন কাম-কাজৰ শিলান্যাস কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি চমুকৈ আৰ আই ডি এফৰ অধীনত বিদ্যালয়সমূহৰ এই আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱা হৈছে।

আনহাতে মন্ত্ৰীগৰাকীয়ে আজি দূপৰীয়াৰ ভাগত ঢেকিয়াজুলি সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা ৰঙাপাৰা এফ.আৰ.চি.ৰ ২ নং কৈলাজুলিত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...