একেলগে ওলাই যোৱা দুই ভাতৃ আৰু উভতি নাহিল!

ধুবুৰীৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খোজকাঢ়ি গৈ থাকোতেই স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত দুজন যুৱক। নিহত যুৱকদ্বয় সম্পৰ্কীয় ককাই-ভাই। নিহত যুৱক দুজন গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ৰফিক হুছেইন (২৭) আৰু আজমিৰ হুছেইন (২৩)।
জানিব পৰা মতে, যুৱক দুজন বটেৰতলৰ পৰা গৌৰীপুৰ অভিমুখে খোজকাঢ়ি গৈ থকা অৱস্থাতে AS01FF 9416 নম্বৰৰ স্কৰপিঅ’ বাহনে খুন্দিয়াই থৈ যায়। তৎক্ষণাত স্থানীয় ৰাইজে যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধাবাটতে মৃত্যুক সাৱটি লয় দুয়েজনে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰি থানালৈ লৈ যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...