উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপিত UCC

Uniform Civil Codeৰ বাবেই বিধানসভাৰ বিশেষ অধিৱেশন
বিধানসভাত বিধেয়কখন উত্থাপন কৰে CM পুষ্কৰ সিং ধামিয়ে
UCC সন্দৰ্ভত আলোচনাৰ বাবেই দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
চলিত বাজেট অধিৱেশনতে উত্থাপিত হ’ব বহুবিবাহ নিষিদ্ধকৰণ আইন

অৱশেষত বহুচৰ্চিত Uniform Civil Code বা উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হ’বলৈ গৈ আছে উত্তৰাখণ্ডত। উত্তৰাখণ্ড বিধানসভাৰ বিশেষভাৱে আহ্বায়িত ৪দিনীয়া অধিৱেশনত সোমবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে UCC সম্পৰ্কীয় বিধেয়কখন উত্থাপন কৰে। এই বিধেয়কখন সন্দৰ্ভত অহাকেইদিনত বিধানসভাৰ মজিয়াত বিতৰ্ক অনুষ্ঠিত হ’ব। উল্লেখ্য যে, স্বাধীনোত্তৰ কালত উত্তৰাখণ্ড হ’ব UCC প্রৱৰ্তন কৰা প্রথম ৰাজ্য।

স্বাধীনতাৰ পূৰ্বৰে পৰা গোৱাত প্রচলিত হৈ আহিছে UCC
সকলো ধৰ্মৰ লোকৰ বাবে প্রযোজ্য হোৱাকৈ প্রস্তুত কৰা হৈছে UCC
বিবাহ, বিবাহ-বিচ্ছেদ, উত্তৰাধিকাৰ, দত্তক লোৱা বিষয়ত প্রযোজ্য হ’ব UCC
২০২২ৰ উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিৰ অন্যতম প্রতিশ্রুতি আছিল UCC প্রৱৰ্তন

উমৈহতীয়া দেৱানী বিধিক লৈ বিগত সময়ছোৱাত যথেষ্ট বিতৰ্ক হৈ আহিছে। বিশেষকৈ ইছলাম, শিখ, খ্রীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে কেতবোৰ জনজাতীয় সংগঠনেও UCC প্রৱৰ্তনৰ বিৰোধিতা কৰি আহিছে। অৱশ্যে উত্তৰাখণ্ডত প্রস্তাৱিত UCCত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ জনজাতি লোকক UCCৰ আওতাৰ পৰা আঁতৰাই ৰখা হৈছে।

প্ৰস্তাৱিত UCC প্রযোজ্য নহ’ব জনজাতীয় সম্প্রদায়ৰ ক্ষেত্রত
Live-in সম্পৰ্ক নিয়ন্ত্ৰিত কৰাৰ বাবে পঞ্জীভুক্তকৰণৰ ব্যৱস্থা
কোনো ব্যক্তিয়ে এজনতকৈ অধিক লোকৰ সৈতে বিবাহত বহিব নোৱাৰিব

ইফালে উত্তৰাখণ্ডত UCC প্রৱৰ্তনৰ বিষয়টোৰ প্রতি সতৰ্ক দৃষ্টি ৰাখিছে দেশৰ বিজেপি চৰকাৰসমূহে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ততাতৈয়াকৈ ৰাওনা হৈছে দিল্লীলৈ। দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে অসমতো UCC প্রৱৰ্তনৰ বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা। ইফালে চলিত বাজেট অধিৱেশনত বহুবিবাহ নিষিদ্ধকৰণ আইন আনি অসমত হিমন্ত বিশ্ব চৰকাৰে UCC প্রৱৰ্তনৰ চিন্তা-চৰ্চা চলাইছে। ইপিনে চৰকাৰৰ এই প্ৰচেষ্টাৰ তীব্র বিৰোধিতা কৰিছে AIUDF বিধায়ক আমিনুল ইছলামে। চৰকাৰক নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ বিধায়ক আমিনুলৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...