ৰাম মন্দিৰৰ পাছত UAEত চলিছে আন এক বিশাল মন্দিৰৰ প্ৰস্তুতি

ৰাম মন্দিৰৰ পাছত UAEত চলিছে আন এক বিশাল মন্দিৰৰ প্ৰস্তুতি
পশ্চিম এছিয়াৰ বৃহত্তম মন্দিৰ স্থাপন হৈছে মধ্য-প্ৰাচ্যত
UAEৰ ৰাজধানী আবু ধাবিৰ কাষত নিৰ্মাণ হৈছে BAPS হিন্দু মন্দিৰ
১৪ ফেব্রুৱাৰীত এই মন্দিৰ উদ্বোধন কৰিব প্রধানমন্ত্ৰী মোদীয়ে
ভাৰতৰ বাহিৰত সৰ্ববৃহৎ হিন্দু মন্দিৰ হ’ব এই মন্দিৰ

অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পাছত আন এক বিশাল মন্দিৰ উদ্বোধনৰ প্রস্তুতি চলিছে। অৱশ্যে এই বৃহৎ মন্দিৰ নিৰ্মাণ হৈছে মধ্য-প্ৰাচ্যৰ দেশ সংযুক্ত আৰব গণৰাজ্যৰ ৰাজধানী আবু ধাবিৰ সমীপত। এই বিশাল মন্দিৰটো তৈয়াৰ কৰি উলিয়াইছে BAPS শীৰ্ষক সংগঠনটোৱে।

এই মন্দিৰ নিৰ্মাণ কৰা হৈছে ৭০০ কোটি টকাৰ বাজেটেৰে
মন্দিৰটোত আছে ৭টা চূড়া, ব্যৱহাৰ হৈছে ১৮ লাখ ইটা
৭টা চূড়াই প্রতিনিধিত্ব কৰিছে UAEৰ ৭খন ৰাজ্যক

৫.৪ হেক্টৰ ভূমিত নিৰ্মাণ কৰা এই মন্দিৰটো ৪০ হাজাৰ ঘনমিটাৰ মাৰ্বল ব্যৱহাৰ কৰা হৈছে। যোৱা ৩ বছৰ ধৰি ৰাজস্থান আৰু গুজৰাটৰ পৰা অনা ২ সহস্রাধিক কাৰুশিল্পীয়ে মন্দিৰ নিৰ্মাণত ব্যস্ত আছিল। মন্দিৰৰ ভিতৰত আছে এম্পিথিয়েটাৰৰ পৰা আৰম্ভ কৰি বিশাল গেলেৰী। আছে এক বৃহৎ গ্রন্থাগাৰ। ৫ হাজাৰ লোক বহিব পৰা এটা কমিউনিটী হলো আছে মন্দিৰ প্রকল্পৰ ভিতৰত। ৭ প্রাবল্যৰ ভূমিকম্পয়ো ক্ষতি কৰিব নোৱাৰাকৈ নিৰ্মাণ কৰা হৈছে মন্দিৰটো। অহা ১৪ ফেব্রুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে এই মন্দিৰ উদ্বোধন কৰিলেও ১৮ ফেব্রুৱাৰীতহে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব মন্দিৰটো। ইফালে, প্রধানমন্ত্ৰী নৰেন্দ্র মোদীক আদৰাৰ বাবেও UAEত চলিছে ব্যাপক প্রস্তুতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত পুনৰ ভয়াৱহ বানৰ আশংকা, চীনৰ সতৰ্কবাণী

নেপালত পুনৰ ভয়ংকৰ আকস্মিক বানৰ ‘উচ্চ আশংকা’ — চীনৰ...

ব্ৰাজিলৰ পিছত ভাৰতত খেলিব দুবাৰৰ FIFA বিশ্বকাপ বিজয়ী উৰুগুৱে

ভাৰতীয় ফুটবলৰ বাবে আহি আছে এক ঐতিহাসিক ক্ষণ। পাঁচবাৰৰ...

মহাৰাষ্ট্ৰৰ টেক্সি আৰু অটো চালকসকলৰ বাবে সকাহ: মাৰাঠী ভাষা শিকিবলৈ ১ বছৰ সময় বান্ধি দিলে চৰকাৰে

মহাৰাষ্ট্ৰ চৰকাৰে অনা-মাৰাঠীভাষী টেক্সি আৰু অটো-ৰিক্সা চালকসকলৰ বাবে এক...