মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্য

মাজ নিশাৰ এক শিহৰণকাৰী দৃশ্য
শতাধিক হাতীক খেদি নিছে এদললোকে

তাৰ মাজতে এদাল প্ৰকাণ্ড বাঁহ লৈ বনৰীয়া হাতীক প্ৰচণ্ড কোব শোধাইছে এজনে। জোং দালেৰে খুচি, কোবাই বনৰীয়া হাতীজাকক চলাইছে নিৰ্মম অত্যাচাৰ। শেহতিয়াকৈ বন্যহস্তীক অত্যাচাৰৰ এই দৃশ্য গোলাঘাটৰ বহু লোকৰ মোবাইলে মোবাইলে উপলব্ধ হৈ পৰিছিল। আৰু অৱশেষত সক্ৰিয় হ’ল ৰাজ্যৰ বন বিভাগ। হাতত যাঠি-জোং লৈ বন্যহস্তীক অত্যাচাৰ চলোৱা যুৱকক গ্ৰেপ্তাৰ। ঘটনাটো আছিল গোলাঘটৰ অভয়জানৰ। নামবৰ হাবিৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীক এইজন যুৱকে চলাইছিল অত্যাচাৰ। ভাইৰেল হৈ পৰা সেই ভিডিঅ’ৰ ভিত্তিত মুৰফুলনী খণ্ড বন বিষয়াই গ্ৰেপ্তাৰ কৰে কমল গুৱালা নামৰ যুৱকজনক।

বন আইন উলংঘা কৰাৰ অপৰাধত সম্প্ৰতি ৰঙা ঘৰৰ আলহী কমল গুৱালা। যি সময়ত ৰাজ্যত হাতী মানুহৰ সংঘাতে জটিলৰূপ ধাৰণ কৰিছে তেনে সময়ত মুৰফুলনী বন বিভাগৰ এই পদক্ষেপ যেন ৰাজ্যবাসীলৈ এক কঠোৰ সতৰ্কবাণী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...