নগৰবেৰাৰ লটাৰী খেলত সৃষ্টি হ’ল কুৰুক্ষেত্ৰ

লটাৰি খেলত কি পাব তাৰ আশাত ৰৈ আছিল হাজাৰ-হাজাৰ লোক। কিন্তু প্ৰথম পুৰষ্কাৰ ঘোষণাৰ পাছতেই ৰাইজ আৰু আয়োজকৰ মাজত মতানৈক্য। স্থগিত ৰাখিলে খেল। তাৰ পাছত খেল আৰু পুনৰ আৰম্ভ নহ’ল। তাকেই লৈ নগৰবেৰাৰ লটাৰি খেলত সৃষ্টি হ’ল কুৰুক্ষেত্ৰ।

মঞ্চত মিথুনৰ চিনেমাৰ গান
বাহিৰত মিথুনৰ চিনেমাৰ দৰেই এক্সন

কোনে কাক মাৰিছে। কোনে কাক টানিছে। কোনে চকী ভাঙিছে। কোনে শিল মাৰিছে কোনো হিচাপ নাই। মুঠৰ ওপৰত এক হুলস্থুলীয়া পৰিস্থিতি। নগৰবেৰাত সৃষ্টি হ’ল এই ভয়ানক পৰিস্থিতি। নগৰবেৰাত অনুষ্ঠিত হৈছিল ৰাস মহোত্সৱ। ৯১ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত এইবেলি আয়োজন কৰা লটাৰিৰ খেলখন সোমবাৰে নিশা অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰথমে বহু সময়লৈ খেল অনুষ্ঠিতই হোৱা নাছিল। পাছত প্ৰথম পুৰস্কাৰৰ খেল অনুষ্ঠিত হৈ যোৱাৰ লগে-লগেই ৰাইজ আৰু আয়োজক সমিতিৰ মাজত সৃষ্টি হয় মতানৈক্যৰ। লগে-লগে খেলখন স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে কমিটিয়ে। তাতেই ক্ষুন্ন হৈ পৰে ৰাইজ। স্থগিত খেলখন পুনৰ অনুষ্ঠিত নকৰিলে আয়োজকে।

ক্ষুব্ধ ৰাইজে ভাঙি লণ্ডভণ্ড কৰে লটাৰি খেলখনৰ কাৰ্যালয়ৰ বেৰীকেড আৰু আচবাব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰে। এই ঘটনাক লৈ নগৰবেৰা অঞ্চলত উত্তেজনা। আৰক্ষীৰ বেতৰ কোবত আহত কেইবাজনো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰিছে। লটাৰি খেলৰ মাজতেই সৃষ্টি হ’ল এই উত্তপ্ত পৰিস্থিতি। এতিয়াও ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...