ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজ

ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজ
টাইমছ আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ এথলীট লিঅ’নেল মেছি

দুভৰিৰ ছন্দৰে মোহাছন্ন কৰা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে দখল কৰিলে আৰু এটা খিতাপ। বেলন ডি’অৰৰ পিছত নিজৰ নামত কৰিলে বৰ্ষশ্ৰেষ্ঠ এথলীটৰ খিতাপ। বিশ্ববিখ্যাত টাইমছ আলোচনীয়ে বৰ্তমান ইণ্টাৰ মায়ামিৰ হৈ ক্লাব ফুটবল খেলা মেছিক ঘোষিত কৰিলে এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ এথলীট হিচাপে। এই সন্মানে মেছিক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে তেওঁৰ মৰ্যাদাক আৰু অধিক দৃঢ় কৰিছে। উল্লেখযোগ্য যে, ফ্ৰান্সৰ তাৰকা ফুটবল ক্লাব PSG এৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্টাৰ মায়ামিৰ ক্নাবৰ হৈ খেলি আমেৰিকাত ফুটবলক এক নতুন মাত্ৰা দিয়াৰ বাবে এই খিতাপ মেছিক দিয়া হৈছে বুলি জনায় টাইমছ আলোচনীয়ে। আলোচনীখনৰ মতে, মেছিৰ আগমনে আমেৰিকাৰ মেজৰ লীগ স্কোৰাত বঢ়াইছে দৰ্শকৰ উপস্থিতি।

বঢ়াইছে টিকটৰ মূল্য
বঢ়াইছে MLSৰ বিভিন্ন Merchandiseৰ বিক্ৰী
মেছিৰ আগমনে বৃদ্ধি কৰিছে টিভি, ডিজিটেলৰ দৰ্শকৰ সংখ্যা

অকল MLS বুলিয়ে নহয়। ২০২২ত আৰ্জেণ্টিনাক ফিফা বিশ্বকাপ জয়লাভ কৰোৱাত মুখ্য ভূমিকা আছিল মেছিৰ। লিঅ’নেল মেছি আছিল আৰ্জেণ্টিনা দলৰ অধিনায়কো। ইয়াৰ পূৰ্বেই মেছিয়ে অষ্টমবাৰলৈ জয়লাভ কৰিছিল বেলন ডি’অৰৰ খিতাপ। এই বৰ্ষৰ বেলন ডি’অৰ লাভ কৰিছিল ফুটবলৰ মহাতাৰকাজনে।

মেছিৰ সফলতাই আনন্দিত কৰি তুলিছে তেওঁৰ কোটি কোটি অনুৰাগীক। ফুটবলৰ যাদুকৰজনে এনেধৰে অব্যাহত ৰাখক নিজস্ব ধাৰা। এই আশা অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...