সাংবাদিক দিলীপ শৰ্মাৰ অকাল বিয়োগ

ছপা মাধ্যমৰ সাংবাদিক দিলীপ শৰ্মাৰ শুকুৰবাৰে বিয়লি ৫.২০ বজাত অকাল বিয়োগ হয়। সংবাদ ক্ষেত্ৰখনৰ প্ৰতি নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰি যোৱা দিলীপ শৰ্মাই যোৱা ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় আৰু তাৰ পিচতে চিকিৎসাধীন হয়। চিকিৎসাধীন অৱস্থাতেই আজি তেওঁ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। হাঁহিমুখীয়া আৰু সৰবৰহী দিলীপ শৰ্মা ছয়গাঁৱৰ নিকটৱৰ্তী চণ্ডিকা নোৱাপাৰাৰ চিদানন্দ শৰ্মা আৰু গিৰিবালা দেৱীৰ তৃতীয় সন্তান আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী, বৌৱেক, পৰিবাৰ, একমাত্ৰ কন্যাসহ অনেক ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত জন্মস্থান ছয়গাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে। দিলীপ শৰ্মাৰ মৃতদেহ আজি সন্ধিয়া চিকিৎসালয়ৰ পৰা লৈ গৈ নিশা ছয়গাঁৱতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...

এখন ব্যতিক্ৰমী বিয়া; ১২ ঘণ্টাৰ পেৰ’লত কম্বোডিয়ান কইনাৰ সৈতে গেংষ্টাৰৰ বিয়া

কাৰাগাৰত আজীৱন কাৰাদণ্ড খাটি থকা হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল...