‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক
‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ একালৰ ড্ৰমগাৰ্ল হেমা মালিনীৰ নৃত্য। এখন নৃত্যালক্ষ্যত মীৰাবাঈৰ চৰিত্ৰত মথুৰাৰ বিজেপিৰ সাংসদ হেমামালিনী। গীত, কথা, সংগীতৰ অপূৰ্ব সমাহাৰ। এদল নৃত্য পটীয়সীৰ সৈতে অপূৰ্ব নৃত্যৰে দশৰ্কৰ সমুখলৈ আহিল ‘মীৰাবাঈ’ৰূপী হেমা মালিনী। সুন্দৰ গীত–কথাৰে প্ৰথমাৰ্ধত মেৱাৰৰ ৰাজভৱনত ভাবী ৰাণী মীৰাৰ কৃষ্ণ বন্দনা। মীৰাবাঈৰূপী হেমা মালিনীৰ নৃত্য চাই মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। হেমাৰ নৃত্যত আপ্লুত মথুৰাবাসী।

আলেখ্যৰ শেষাংশত মীৰাবাঈৰূপী হেমাৰ ভজন। যেন ভক্তিৰসৰ প্লাবন। এক সুন্দৰভাৱে গীত কথাৰে উপস্থাপন কৰা মীৰাৰ কৃষ্ণ বন্দনাক অপূৰ্ব নৃত্য শৈলীৰে সজাই তুলিলে মথুৰাৰ সাংসদ ৭৫ বছৰীয়া হেমা মালিনীয়ে। দৰ্শকে অনুভৱ কৰিব নোৱাৰিলে এয়া এগৰাকী ৭৫ বছৰীয়া মহিলাই নৃত্য কৰিছে। সকলো মন্ত্ৰমুগ্ধ। সন্মুখত যেন সঁচাকৈয়ে মীৰাবাঈ। এই নৃত্য কৰি নিজেও আপ্লুত হেমা মালিনী।

মীৰাবাঈৰ ৫২৫ সংখ্যক জন্মোৎসৱত মথুৰাত আয়োজন হ’ল এই বিশেষ অনুষ্ঠানৰ। প্ৰথমবাৰৰ বাবে এজন প্ৰধানমন্ত্ৰী হিচাপে মোদী উপস্থিত থাকিল অনুষ্ঠানত। দুঘন্টাজোৰা হেমা মালিনীৰ নৃত্যালক্ষ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে। ৭৫ বছৰ বয়সত এক প্ৰকাৰ চমক দিলে বলীউডৰ একালৰ মহোময়ী অভিনেত্ৰী হেমা মালিনীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰ্থিক অনাটনৰ বাবেই ফিৰোজ আলীয়ে হত্যা কৰিলে নেকি পৰিয়ালৰ ৪ সদস্যক?

জোনাইৰ তেলামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন ব্যক্তিগত...

১০ মিনিটৰ সিদ্ধান্ত, ১০ ছেকেণ্ডত জীৱন ৰক্ষা! ১৬০০ ছাত্ৰ-ছাত্ৰীৰ ত্ৰাণকৰ্তা এগৰাকী প্ৰধান শিক্ষক

নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান।...

গুৰুত্বপূৰ্ণ খনিজৰ সন্ধানত জাম্বিয়াৰ সৈতে পুনৰ আলোচনাত ভাৰত

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান কেঁচামালৰ চাহিদা পূৰণৰ...